নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভানুৱাটু গণৰাজ্য–টুভালু ভ্রমণ কেন্দ্রীয় মন্ত্রী পৱিত্র মার্ঘেৰিটাৰ

ডিজিটেল ডেস্ক, ২৭ এপ্রিল : কেন্দ্রীয় বৈদেশিক পৰিক্রমা আৰু বস্ত্র দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্র মার্ঘেৰিটাই ২২ এপ্রিলৰ পৰা চাৰিদিনীয়া চৰকাৰী কার্যসূচীৰে প্রশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্র ভানুৱাটু আৰু টুভালু ভ্রমণ কৰে৷ এই ভ্রমণসূচীৰ প্রথম পর্যায়ত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ২৩ এপ্রিলত প’ৰ্ট ভিলাত ভানুৱাটুৰ প্রধানমন্ত্রী জোথাম নাপাটক সৌজন্যমূলক সাক্ষাৎ কৰে৷ ইয়াৰ পাছত তেওঁ ভানুৱাটুৰ ভাৰপ্রাপ্ত বৈদেশিক পৰিক্রমা, আন্তঃৰাষ্ট্রীয় সহযোগিতা আৰু বৈদেশিক বাণিজ্য মন্ত্রী জেভিয়াৰ ইমানুৱেল হেৰীৰ সৈতে দ্বি–পাক্ষিক আলোচনাত মিলিত হয়৷ আলোচনাত সামৰ্থ্য বিকাশ, ডিজিটেল বিকাশ, জলবায়ুৰ স্থিতিস্থাপকতা, অর্থনৈতিক সহযোগিতা আৰু বহুপাক্ষিক সহযোগিতাৰ ক্ষেত্রত পাৰস্পৰিক সম্পর্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷

তদুপৰি, ২২ এপ্রিলত কেন্দ্রীয় মন্ত্রী পৱিত্র মার্ঘেৰিটাই ভানুৱাটুত ভাৰত চৰকাৰৰ সহযোগত স্থাপিত তথ্য–প্রযুক্তিৰ উৎকর্ষ কেন্দ্র পৰিদর্শন কৰে আৰু ইয়াৰ ছাত্র–ছাত্রী তথা প্রাক্তন শিক্ষার্থীসকলৰ সৈতে মত বিনিময় কৰে, য’ত ডিজিটেল দক্ষতা আৰু মানৱ সম্পদৰ সামর্থ্য বৃদ্ধিত কেন্দ্রটোৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰা হয়৷ এই ভ্রমণ কালত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ভাৰতৰ তৰফৰ পৰা খাদ্যশস্যৰ সাহায্য, তথ্য–প্রযুক্তি কেন্দ্রটোৰ বাবে অতিৰিক্ত হার্ডৱেৰ আৰু ছফ্টৱেৰ প্রদান কৰাৰ লগতে হিল ইন ইণ্ডিয়াৰ পদক্ষেপৰ অধীনত ভাৰতত ১০গৰাকী ৰোগীৰ বিশেষ চিকিৎসাৰ বাবে সাহায্য ঘোষণা কৰে৷

উল্লেখ্য যে ভাৰতৰ পৰা ভানুৱাটুলৈ এয়া আছিল কেন্দ্রীয় মন্ত্রী পর্যায়ৰ দ্বিতীয়টো ভ্রমণ৷ ভ্রমণসূচীৰ দ্বিতীয় পর্যায়ত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ২৪ এপ্রিলত ফুনাফুতিত টুভালুৰ গৱর্নৰ জেনেৰেল ৰেভাৰেণ্ড ছাৰ টোফিংগা ভেভালু ফালানিক সাক্ষাৎ কৰে৷ পৰৱর্তী সময়ত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে টুভালুৰ ভাৰপ্রাপ্ত প্রধানমন্ত্রী তথা বৈদেশিক পৰিক্রমা, শ্রম আৰু বাণিজ্য মন্ত্রী পলচন পানাপাৰ সৈতে এখন বৈঠকত মিলিত হয়৷ লগতে তেওঁ গৃহ, জলবায়ু পৰিৱর্তন আৰু পৰিৱেশ মন্ত্রী মাহনা টালিয়া আৰু শিক্ষা, যুৱ আৰু ক্রীড়ামন্ত্রী তথা ভাৰপ্রাপ্ত স্বাস্থ্য আৰু সমাজ কল্যাণ মন্ত্রী হামোৱা হোলোনাৰ সৈতেও দ্বি–পাক্ষিক আলোচনাত অংশগ্রহণ কৰে৷ এই আলোচনাসমূহত স্বাস্থ্যসেৱা, সামর্থ্য বিকাশ, জলবায়ুৰ স্থিতিস্থাপকতা, ঐতিহ্য সংৰক্ষণ আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পর্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়৷

কেন্দ্রীয় মন্ত্রী পৱিত্র মার্ঘেৰিটাই প্রিন্সেছ মার্গাৰেট চিকিৎসালয় পৰিদর্শন কৰি স্বাস্থ্যসেৱাৰ সৈতে জড়িত পেছাদাৰী লোকসকলৰ সৈতে মত বিনিময় কৰে৷ এই কার্যসূচীয়ে সামর্থ্য বিকাশ আৰু কাৰিকৰী সহযোগিতাৰ জৰিয়তে টুভালুত স্বাস্থ্যসেৱা ব্যৱস্থা সুদৃঢ় কৰাৰ ক্ষেত্রত ভাৰতৰ দায়বদ্ধতাক প্রতিপন্ন কৰে৷ কেন্দ্রীয় মন্ত্রীগৰাকীৰ সন্মানার্থে টুভালুত আয়োজন কৰা চৰকাৰী নৈশভোজৰ সময়ত তেওঁ সাংস্কৃতিক আৰু ঐতিহ্যক্ষেত্রসমূহৰ সংৰক্ষণৰ লক্ষ্যৰে ৰূপায়িত হ’বলগীয়া কুইক ইমপে প্রজেক্টৰ বাবে এখন চেক অর্পণ কৰে৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ভাৰতৰ হৈ দেশখনলৈ এখন সাগৰীয় এম্বুলেন্স, খাদ্যশস্যৰ সাহায্য আৰু হিল ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত ভাৰতত ১০গৰাকী ৰোগীৰ বিশেষ চিকিৎসা সাহায্যৰ কথা ঘোষণা কৰে৷

উল্লেখ্য যে এই ভ্রমণে ভানুৱাটু আৰু টুভালুৰ সৈতে ভাৰতৰ বন্ধুত্বপূর্ণ সম্পর্ক অধিক সুদৃঢ় কৰাৰ লগতে নির্ভৰযোগ্য উন্নয়ন অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকাক পুনৰ দৃঢ়তাৰে প্রমাণ কৰিছে৷ এই ভ্রমণ হৈছে এক্ট ইষ্ট পলিচী আৰু ফ’ৰাম ফৰ ইণ্ডিয়া–পেচিফিক আইলেণ্ডছ কো–অ’পাৰেচন (FIPIC) ফ্রেমৱর্কৰ অধীনত প্রশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্রসমূহৰ সৈতে ভাৰতৰ ধাৰাবাহিক সহযোগিতাৰ অংশস্বৰূপ৷

You might also like