আৱৰ্জনাৰে ভৰি থাকে নলবাৰী চহৰৰ হাজো-নলবাৰী পথ
নলবাৰী চহৰৰ মাজমজিয়াতে আৱৰ্জনাৰে ভৰি পৰিছে। হাজো-নলবাৰী পথৰ জীৱন শিল্পী আদ্য শৰ্মা পাৰ্কৰ সন্মুখভাগ আৱৰ্জনাৰে ভৰি থাকে। তেনেদৰে চহৰৰ খনৰ সদৰ থানাৰ সন্মুখত তথা আম্বেদকাৰ চ’কত জাৱৰ-জোথৰে ভৰি থকা দেখা যায়। এই চ’কটোত নাই জাৱৰ পেলোৱা কোনো ডাষ্টবিন।
যাৰ ফলত দোকান কেইখনৰ সন্মুখতে আৱৰ্জনাৰে ভৰি থাকে। আনহাতে এই চ’কটোত নাই প্ৰস্ৰাৱগাৰ-শৌচাগাৰ। পৌৰসভাই এই ব্যৱস্থা নকৰাৰ ফলত ব্যৱসায়ী আৰু ৰাইজৰ যথেষ্ট অসূবিধাৰ সৃষ্টি হৈছে। এই চ’কটোৰ ব্যৱসায়ী সকলে আম্বেদকাৰ চ’কত প্ৰস্ৰাৱগাৰ-শৌচাগাৰ নিৰ্মাণ কৰাৰ বাবে পৌৰসভালৈ দাবী জনাইছে।
তেনেদৰে নলবাৰী জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কৈৰাৰা-সন্ধাত নতুনকৈ গঢ়ি উঠিবলৈ লৈছে এটা প্ৰদূষিত অঞ্চল। এই অঞ্চলটি অপৰিষ্কাৰ আৰু দুৰ্গন্ধময় হৈ পৰা দেখা গৈছে । উল্লেখ্য যে, অঞ্চলটোৰ সমীপত আছে তিনিখনকৈ বিদ্যালয়। বিদ্যালয়খনলৈ অহা ছাত্ৰ-ছাত্ৰী , শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক সমাজে নাকত ৰুমাল বা হাত দিহে পাৰ হব লাগে।
ওচৰতে থকা নৱদ্বীপ হস্পিতাললৈ অহা ৰোগীবোৰেও এই আৱৰ্জনাৰ ঠাইখিনি অতি কষ্টৰে পাৰ হব লাগে। চাইকেল আৰোহী বা খোজ কাঢ়ি এই ঠাইখিনি পাৰ হব নোৱাৰা অৱস্থা হৈছে। আৱৰ্জনাৰে ভৰি পৰা ঠাইখিনি নৰক যন্ত্ৰণা সদৃশ হৈ পৰিছে।
চহৰখনৰ সকলো জাৱৰ-জোথৰ তথা আৱৰ্জনা বোৰ পৌৰ সভাই গাড়ীৰে আনি ইয়াত পেলাই থৈ যায় বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। নলবাৰী পৌৰ সভাই এই ক্ষেত্ৰত এটি উন্নত ব্যৱস্থা লব লাগিছিল যদিও লোৱা নাই বুলি অভিযোগ তুলিছে অঞ্চলবাসীয়ে।
যাৰ ফলত এনে এখন দুৰ্দশা ছবি দেখিবলৈ পোৱা গৈছে। অঞ্চলটোৰ সচেতন ৰাইজে ইয়াৰ এটি উন্নত ব্যৱস্থা লবলৈ পৌৰ সভাক দাবী জনাইছে। দুখৰ বিষয় যে,নলবাৰী চহৰ তথা পাৰ্শ্বৱৰ্তী এলেকাত এনে দৃশ্য সুলভ হৈ পৰিছে। ঠায়ে ঠায়ে এনে আৱৰ্জনাৰ দ’ম দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত জিলা প্ৰশাসনে কিছু পদক্ষেপ লবলৈও সচেতন ৰাইজে আহ্বান জনাইছে।
নিয়মীয়া বাৰ্তা, নলবাৰী, ২৭ এপ্ৰিল