সম্পাদকীয় : জেন-জি ৰাজনীতি
মাথোঁ জেন–জিৰ নামত আভুৱা–ভাঁৰা ৰাজনীতিৰে অনায়াসে ক্ষমতা দখলৰ সপোন কেতিয়াও পূৰণ নহয়৷ শ্রীলংকা, বাংলাদেশ আৰু নেপালত শাসকীয় পক্ষৰ বিৰুদ্ধে জেন–জিৰ বিদ্রোহে ক্ষমতাৰ গতি–বিধি সলনি কৰাৰ পিছত অসমকে ধৰি দেশজুৰি বিৰোধী ৰাজনৈতিক দলসমূহ উৎসাহিত হৈছে৷ বিশেষকৈ বিধানসভা আৰু লোকসভা নির্বাচনৰ সময়ত জেন–জিৰ ৰাজনীতিক লৈ বিৰোধী দলসমূহ ব্যস্ত হৈ পৰা দেখা গৈছে৷ ২০২৪ চনৰ লোকসভা নির্বাচনৰ সময়তো দেশজুৰি জেন–জিৰ বিদ্রোহ সূচনা কৰিবলৈ কংগ্রেছকে ধৰি একাংশ বিৰোধী দলে বৃহৎ পৰিকল্পনা গ্রহণ কৰিছিল৷ বিশেষকৈ বিজেপিবিৰোধী শক্তিসমূহক ঐক্যবদ্ধ কৰি জেন–জিৰ জৰিয়তে হিংসাত্মক বিদ্রোহৰ সূচনা কৰিবলৈ চক্রান্ত চলোৱা হৈছিল৷ কিন্তু এনে পৰিকল্পনা পৰাভূত কৰি অধিক ক্ষমতাৰে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছিল নৰেন্দ্র মোদী৷ শেহতীয়াকৈ অসমকে ধৰি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচনতো জেন–জি ৰাজনীতিয়ে উত্তাল কৰিছে৷ জেন–জিৰ ৰাজনীতিৰ মাজতে অসম, কেৰালা আৰু পুডুচেৰী বিধানসভাৰ নির্বাচনৰ ভোটগ্রহণ ৯ এপ্রিলত সম্পন্ন হৈছে৷ ২৩ এপ্রিলত এটা পর্যায়তে সম্পন্ন হৈছে তামিলনাডু বিধানসভা নির্বাচনৰ ভোটগ্রহণ৷ চুবুৰীয়া পশ্চিমবংগ বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোট ২৩ এপ্রিলত সম্পন্ন হৈছে আৰু দ্বিতীয় পর্যায়ত ৰাজ্যখনৰ বাকী থকা সমষ্টিসমূহত ভোটগ্রহণ ২৯ এপ্রিলত সম্পন্ন হ’ব৷ জেন–জিৰ নামত ৰাজনীতিৰ জৰিয়তে ক্ষমতা দখলৰ সপোন দিঠকত পৰিণত কৰাটো সহজসাধ্য নহয়৷ বাংলাদেশ, নেপাল, শ্রীলংকাত জেন–জিৰ বিদ্রোহৰ অন্তৰালত থকা মূল বিষয়বোৰ উপেক্ষা অবিহনে একাংশ বিৰোধী ৰাজনৈতিক নেতাই শূন্যতে গদা ঘূৰাইছে৷ ১৯৯৬ৰ পৰা ২০১২ চনৰ ভিতৰত জন্মগ্রহণ কৰা প্রজন্মক জেন–জি আখ্যা দিয়া হয়৷ সাম্প্রতিক ৰাজনীতিত যুৱপ্রজন্মৰ ভোটদাতাৰ অংশগ্রহণ লক্ষণীয়ভাৱে বৃদ্ধি হৈছে৷ অসম বিধানসভাৰ শেহতীয়া নির্বাচনত ৮৬ শতাংশৰো অধিক ভোটদানৰ জৰিয়তে নতুন অভিলেখ স্থাপন হৈছে৷ চুবুৰীয়া পশ্চিমবংগ বিধানসভা নির্বাচনৰ প্রথম পর্যায়ত ৯২ শতাংশ ভোটদানেৰে অভিলেখ গঢ়িছে৷ সাম্প্রতিক ৰাজনীতি আৰু গণতান্ত্রিক ব্যৱস্থাৰ প্রতি নৱপ্রজন্মৰ আকর্ষণ হ্রাস হৈছে বুলি চলি থকা অপবাদৰ বিপৰীতে শেহতীয়া নির্বাচনত অভিলেখসংখ্যক ভোটদানে ইয়াৰ বিপৰীত ছবিখনহে উন্মোচন কৰে৷ জেন–জিৰ সক্রিয় অংশগ্রহণ অবিহনে নির্বাচনত অভিলেখসংখ্যক ভোটগ্রহণ সম্ভৱ নহ’লহেঁতেন৷ পাঁচ ৰাজ্যৰ ভোটদাতাই কি জনাদেশ দিছে সেয়া স্পষ্ট হ’ব অহা ৪ মে’ত ভোটগণনাত৷ ইয়াৰ লগতে নিহিত হৈ থাকিব জেন–জিৰ জনাদেশ৷
জেন–জিৰ নামত নৱপ্রজন্মৰ লোকসকলক বিভাজন কৰাৰ এক দীঘলীয়া ষড়যন্ত্র চলি আছে৷ বিশেষকৈ জনসমর্থন আৰু খোপনি হেৰুওৱা একাংশ ৰাজনৈতিক দলে জেন–জিক চৰকাৰবিৰোধী আৰু দেশৰ প্রচলিত গণতান্ত্রিক ব্যৱস্থাৰ বিৰোধী সজাবলৈ অহৰহ চক্রান্ত চলাই আছে৷ শেহতীয়া অসম বিধানসভা নির্বাচনত অসম জাতীয় পৰিষদৰ প্রার্থী কুংকি চৌধুৰী আৰু ৰাইজৰ দলৰ প্রার্থী ড০ জ্ঞানশ্রী বৰাক জেন–জিৰ প্রতিনিধিৰূপে প্রচাৰ কৰা হৈছে৷ একে সময়তে বিজেপিয়ে হাফলঙত ৰূপালী লাংথাছাক প্রার্থিত্ব দিছে যদিও তেওঁক জেন–জি প্রার্থীৰূপে স্বীকাৰ কৰা নাই বিৰোধী ৰাজনৈতিক দলসমূহে৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা লাভ কৰা পার্বত্য জনজাতিৰ ৰূপালী লাংথাছাক বিজেপিৰ দৰে শক্তিমান দলে প্রার্থিত্ব দিয়াটো নিশ্চিতভাৱে আশাপ্রদ বার্তা৷ মন্ত্রী নন্দিতা গার্লোছাক প্রার্থিত্ব নিদি যুৱ প্রার্থী ৰূপালী লাংথাছাক প্রার্থিত্ব প্রদানৰ জৰিয়তে বিজেপিয়েও নৱপ্রজন্মক ৰাজনীতিৰ বাট মুকলি কৰি দিছে৷ বাংলাদেশ, নেপাল আৰু শ্রীলংকাৰ পটভূমিত একাংশ বিৰোধী ৰাজনৈতিক নেতাই জেন–জিক উচটাই জোল খাবলৈ বিচাৰিলেও সেয়া কেতিয়াও পূৰণ নহয়৷ দেশৰ ভিতৰতে অবৈধ বিদেশী বহিষ্কৰণৰ দাবীত ১৯৮০ত আৰম্ভ হৈছিল ছাত্র আন্দোলন৷ ছবছৰীয়া অসম আন্দোলনত ৮৬০জন শ্বহীদ হৈছিল৷ প্রকৃততে অসমবাসীয়ে ৪৫ বছৰ পূর্বে ছাত্র আন্দোলনক গণ আন্দোলনলৈ পৰিণত কৰি বিশ্ববাসীক দেখুৱাইছে৷ ‘কা’ আন্দোলনৰ সময়তো অসমবাসীয়ে দেখুৱাইছিল ঐক্যবদ্ধ শক্তি৷ কিন্তু এনে সংগ্রামৰ নেতৃত্বত কোনো ৰাজনৈতিক দল অথবা নেতা জড়িত নাছিল৷ কোনো ৰাজনৈতিক দলৰ উদ্যোগত জেন–জিৰ সংগ্রাম গঢ়ি নুঠে৷ অসম তথা দেশত এনে পৰিৱেশ সহজে উদ্ভৱ হোৱাৰ কোনো লক্ষণ নাই৷ ‘কা’ আন্দোলন আৰু প্রাণৰ শিল্পী জুবিন গার্গৰ অনাহূত মৃত্যুক কেন্দ্র কৰি অসমত যুৱপ্রজন্মৰ মাজত উদ্ভৱ হোৱা পৰিৱেশক ৰাজনৈতিক মুনাফাৰ অংক কৰা নেতাৰ অভাৱ নাই৷ ‘কা’ আন্দোলনৰ পৰিসমাপ্তিত জাতীয়তাবাদৰ নামত এটা ৰাজনৈতিক দল গঠন হৈছে আৰু নির্বাচনতো প্রতিদ্বন্দ্বিতা কৰিছে যদিও এতিয়ালৈ সফলতাৰ মুখ দেখা নাই৷ জুবিন গার্গৰ মৃত্যুৰ আৱেগ আৰু জুবিন গার্গৰ ন্যায়ৰ নামতো মুকলি ৰাজনীতি কৰিছে কংগ্রেছকে ধৰি একাংশ ৰাজনৈতিক দলে৷ মাথোঁ জেন–জি ৰাজনীতিৰ নামতে এনে কাণ্ড চলি আছে৷ কিন্তু বিৰোধী ৰাজনৈতিক দলসমূহে এই কথা স্বীকাৰ কৰা উচিত যুৱপ্রজন্মৰ বৃহৎসংখ্যক লোক এতিয়া প্রচলিত গণতান্ত্রিক ব্যৱস্থা আৰু চৰকাৰখনৰ প্রতি গভীৰ আস্থাশীল হৈ আছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্বাচনী প্রচাৰ সভা আৰু সংকল্প যাত্রাত অংশগ্রহণকাৰীৰ অধিকাংশই আছিল যুৱপ্রজন্মৰ৷ এইসকলক উপেক্ষা কৰি বিৰোধীয়ে জেন–জিৰ প্রকৃত সংজ্ঞা নিৰূপণ কৰিব নোৱাৰে৷