নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

HS-ৰ ফলাফলত কলা শাখাত ছাত্ৰক পিছ পেলাই ছাত্ৰীৰ আধিপত্য

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত এইবাৰ ছাত্ৰীয়ে ছাত্ৰক পিছ পেলাই আগবঢ়া দেখা গৈছে। Assam State School Education Board-এ প্ৰকাশ কৰা তথ্য অনুসৰি কলা শাখাত সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ ৭৯.৫৪ শতাংশ।

ইয়াৰ ভিতৰত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮১.৯৬ শতাংশ, আনহাতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৬.১০ শতাংশ। এই ফলাফলৰ জৰিয়তে কলা শাখাত ছাত্ৰীসকলে স্পষ্টভাৱে ছাত্ৰক পিছ পেলাইছে।

এইবাৰ কলা শাখাত মুঠ ২,৪১,১২৪গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ৯৯,৫৮৯গৰাকী ছাত্ৰ আৰু ১,৪১,৫৩৪গৰাকী ছাত্ৰী আছিল।

ঘোষিত ফলাফল অনুসৰি ছাত্ৰসকলৰ ভিতৰত—

  • প্ৰথম বিভাগত উত্তীৰ্ণ: ১৭,১৫০ গৰাকী
  • দ্বিতীয় বিভাগত উত্তীৰ্ণ: ৩৩,১১২ গৰাকী
  • তৃতীয় বিভাগত উত্তীৰ্ণ: ২৫,৫২৮ গৰাকী

মুঠ ৯৯,৫৮৯গৰাকী ছাত্ৰৰ ভিতৰত ৭৫,৭৯০গৰাকী উত্তীৰ্ণ হৈছে।

ইফালে ছাত্ৰীৰ ভিতৰত ৩৭,৬০৫গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ, ৪৬,০৬৯গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৩২,৩৩৪গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে।

আনহাতে ছাত্ৰীসকলৰ ক্ষেত্ৰত মুঠ ১,১৬,০০৮গৰাকী উত্তীৰ্ণ হৈছে। এই ফলাফলে কলা শাখাত ছাত্ৰীৰ শিক্ষাগত সফলতা আৰু আধিপত্য স্পষ্টভাৱে প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল

You might also like