নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ বিশ্বব্যাপী মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২১ দিনীয়া লকডাউন ১৬ দিন অতিক্ৰম কৰিলে। চৰকাৰ-প্ৰশাসনে লকডাউনৰ সময়ছোৱাত সামাজিক দূৰত্ব-বজাই ৰখাৰ লগেত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰতিজন ব্যক্তিয়েই অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। ৰাজ্য চৰকাৰে ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি
লক্ষ্য ৰাখি এই মাৰাত্মক ভাইৰাছৰ সৈতে যুঁজিবলৈ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাজ্যবাসীৰ সহযোগিতা কামনা কৰিছে। চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰবাসীয়ে নিজকে গৃহবন্দী কৰি ৰখা পৰিলক্ষিত হৈছে। মাৰাত্মক ক’ৰোনা ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰিবলৈ মহানগৰবাসীয়ে বিভিন্ন কষ্টৰ মাজতে দিন পাৰ কৰিবলগীয়া হৈছে যদিও একাংশ লোকে চৰকাৰৰ এই আহ্বানক অদ্যাপি গুৰুত্বসহকাৰে লোৱা নাই। লকডাউন উলংঘা কৰি একাংশ লোকে বজাৰ-সমাৰ কৰাৰ লগতে অপ্ৰয়োজনীয়ভাৱে পথৰ দাঁতিত জুম বান্ধি থকা দেখা গৈছে। বিশেষকৈ মহানগৰীৰ ফাঁচীবজাৰত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণলৈ ভ্ৰক্ষেপ নকৰি একাংশ লোকে প্ৰশাসনৰ নিৰ্দেশনা উলংঘা কৰিছে। মহানগৰীৰৰ ফাঁচীবজাৰৰ টি আৰ পি ৰোডত থকা হনুমান মন্দিৰত লকডাউন উলংঘা কৰি ধৰ্মীয় অনুষ্ঠান কৰা পৰিলক্ষিত হয়। হনুমান জয়ন্তী
উপলক্ষে বুধবাৰে পুৱাৰে পৰা ফাঁচীবজাৰত হনুমান মন্দিৰত অৰ্ধশতাধিক লোক সমৱেত হয়। মন্দিৰৰ ভিতৰত পূজাৰীৰ লগতে অৰ্ধশতাধিক লোকে লকডাউন উলংঘা কৰি পূজা-অৰ্চনা কৰাত ফাঁচীবজাৰ আৰক্ষীয়ে মন্দিৰত উপস্থিত হৈ পূজাৰীসহ ৪ জন লোকক গ্ৰেপ্তাৰ কৰে যদিও আৰক্ষীৰ উপস্থিতি উমান পাই একাংশ লোকে পলাই পত্ৰং দিলে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকল ক্ৰমে আদৰ্শ শৰ্মা(পূজাৰী), জগদম্বা প্ৰসাগ মূৰ, সন্তোষ সিং জৈন আৰু সুখেন্দৰ ৰয়।
ঘটনা সন্দৰ্ভত পাণবজাৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১৮৮/২৬৯/২৭০/২৭১ আৰু ডব্লিউ ছেকচন ৫১ (বি) ডিজেষ্টাৰ মেনেজমেণ্ট এক্ট ২০০৫ৰ অধীনত ২১৩/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ফাঁচীবজাৰৰ আৰক্ষী সূত্ৰই সদৰী কৰা মতে এই ঘটনাৰ সৈতে জড়িত আৰু বহু লোক পৰৱৰ্তী সময়ত আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।