সম্পাদকীয় : এগজিট প’ল
দেশৰ চাৰিখন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলত বিধানসভা নির্বাচন অনুষ্ঠিত হৈ গ’ল৷ স্বাভাৱিকতেই দলীয় নেতা–কৰ্মীৰ লগতে সাধাৰণ নাগৰিকেও এই নির্বাচনৰ ফলাফল জানিবলৈ উদগ্রীৱ হৈ আছে৷ এই আগ্রহত ৰহণ চৰাই বিভিন্ন সংস্থাই প্রকাশ কৰিছে এগ্জিট প’ল৷ ফলাফল ঘোষণাৰ নির্ধাৰিত দিনৰ পূর্বে ফলাফলৰ অনুমান লোৱাৰ অৱকাশ আনি দিয়ে এগ্জিট প’লে৷ কেইবামাহজোৰা জল্পনা–কল্পনাৰ পিছত নির্বাচন আয়োগৰ সূচী মতে বিভিন্ন দিনত বিভিন্ন বিধানসভা সমষ্টিত ভোটগ্রহণ পর্ব অনুষ্ঠিত হয়৷ স্বাভাৱিকতেই ৰাজনৈতিক দলসমূহৰ মাজত বিশেষ তৎপৰতা দেখিবলৈ পোৱা যায়৷ দলীয় নেতা–কৰ্মীৰ উপৰি সাধাৰণ নাগৰিকৰ মনতো নির্বাচনটোক লৈ বিভিন্ন চিন্তা–চর্চা হয়৷ তাকে লৈ বিভিন্ন কাম–কাজো চকুত পৰে৷ তাৰ ভিতৰত কিছুমান কাম গণতন্ত্রৰ বাবে প্রয়োজনীয় আৰু কিছুমান কাম গর্হিত৷ তেনেদৰেই আহিল পায় ভোটগ্রহণৰ নির্দিষ্ট দিনটো৷ সকলোৱে অধীৰ আগ্রহেৰে বাট চাই থাকে সেই দিনটোলৈ৷ এই উৎসাহ আৰু আগ্রহ কেৱল দলীয় নেতা–কৰ্মীৰ মাজতেই নহয়, সাধাৰণ নাগৰিকৰ মাজতো দেখিবলৈ পোৱা যায়৷ সেইবাবেই নির্বাচনক গণতন্ত্রৰ উৎসৱ বুলি কোৱা হয়৷ নির্বাচনী প্রচাৰ, সাধাৰণ গুণা–গঁঠা আদিৰে উখল–মাখল হৈ পৰে সমগ্র পৰিৱেশটো৷ তাৰ মাজতো হয়তো ক’ৰবাত দুই–এটা বিক্ষিপ্ত ঘটনাও ঘটে৷ কেতিয়াবা অৱশ্যে এই ঘটনাৰ প্রকোপ বেছি হয়৷ সি যি কি নহওক, এদিন উৎসৱমুখৰ পৰিৱেশত ভোটগ্রহণ অনুষ্ঠিত হয়৷ এইক্ষেত্রতো শাসক–বিৰোধীৰ বিভিন্ন অভিযোগ–প্রতিভিযোগ শুনিবলৈ পোৱা যায়৷ প্রয়োজনসাপেক্ষে নির্বাচন আয়োগে পুনৰ ভোটগ্রহণৰ নির্দেশো দিবলগীয়া হয়৷ সদ্যসমাপ্ত পাঁচোখন ৰাজ্যৰ বিধানসভা নির্বাচনৰ ভোটগ্রহণ শান্তিপূূর্ণভাৱেই সমাপ্ত হয়৷ অহা চাৰি মে’ত ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ কথা৷ তাৰ পূর্বেই এগ্জিট প’লৰ ৰূপত প্রকাশ পালে নির্বাচনী ফলাফলৰ পূর্বানুমান৷ সংবাদ মাধ্যমত গুৰুত্বসহকাৰে প্রকাশ পালে সেই বাতৰি৷ নির্বাচনী ফলাফলৰ জল্পনা–কল্পনাই পালে আন এক মাত্রা৷ সংবাদ মাধ্যমে পালে নির্বাচনী ফলাফলক লৈ নতুন চিন্তা–চর্চাৰ সুযোগ৷ সাধাৰণ নাগৰিকৰ মাজতো তাৰ প্রভাৱ নপৰাকৈ নাথাকিল৷ ৰাস্তাই–ঘাটে, বজাৰে–সমাৰে চলিল আলোচনা৷ সকলোৰে ভিত্তি এই এগ্জিট প’লৰ পূর্বানুমান৷ ৰাজনৈতিক দলসমূহৰ মাজতো সৃষ্টি কৰিলে প্রতিক্রিয়াৰ৷ নির্বাচনী ফলাফল ভাল হোৱাৰ ইংগিত দিয়া ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পালে উৎসাহ৷ বৃদ্ধি পালে আত্মবিশ্বাস৷ কিন্তু যিবোৰ ৰাজনৈতিক দলৰ ফলাফল ভাল হোৱাৰ ইংগিত নিদিলে তেওঁলোকেও নিজাববীয়াকৈ বাগধাৰাৰ সৃষ্টি কৰি ল’লে৷ ফলাফল ভাল হোৱাৰ ইংগিত দিয়া ৰাজনৈতিক দলসমূহে এগ্জিট প’ল প্রকাশ কৰা সংস্থাসমূহৰ ইতিপূর্বে দিয়া নির্বাচনী ফলাফলসমূহ কিমান সঠিক আছিল তাকে লৈ এই পূর্বানুমানৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা দেখা গ’ল৷ একেদৰে ফলাফল ভাল হোৱাৰ ইংগিত নিদিয়া দলসমূহে ইতিপূর্বে সংশ্লিষ্ট সংস্থাসমূহৰ নির্বাচনী পূর্বানুমান কিমান নফলিয়ালে, তাকে লৈ আত্মপক্ষ সমর্থনৰ চেষ্টা অব্যাহত ৰাখিলে৷ মুঠতে সৰৱ চর্চাৰ সুন্দৰ বাতাৱৰণৰ সৃষ্টি হ’ল৷ ভোটগ্রহণৰ পূর্বৰ নির্বাচনী প্রচাৰৰ কালত যিদৰে বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিজৰ নিজৰ ভাল দিশবোৰ প্রকাশ কৰাৰ সমান্তৰালভাৱে প্রতিপক্ষৰ বেয়া দিশবোৰ উদঙাই দিয়াৰ প্রতিযোগিতা চলে, তেনেদৰেই এগ্জিট প’লৰ পৰৱত্ সময়ছোৱাতো সংশ্লিষ্ট সংস্থাসমূহৰ নির্বাচনী ফলাফলৰ নির্ভৰযোগ্যতা সন্দর্ভত যুক্তি–তর্ক চলে৷
ভোটগ্রহণ পর্বৰ পূর্বে নির্বাচনী প্রচাৰৰ তীব্রতাৰ ওপৰতো বহুতেই সংশ্লিষ্ট ৰাজনৈতিক দলৰ প্রতি এটা ধাৰণাৰ সৃষ্টি কৰি লয়৷ সেইবাবেই নির্বচনী বতৰত বিশেষ খদম্দম্ দেখুৱাব নোৱাৰা দল বা প্রাথ্য়ে সাধাৰণ ভোটাৰৰ মনত ঠাই ল’বলৈ টান হয়৷ অৱশ্যে কোনো কোনো উজ্জ্বল ভাবমূর্তি গঢি থোৱা প্রার্থীৰ কথাটো সুকীয়া৷ নির্বাচনী প্রচাৰৰ চমক সৃষ্টিৰ বাবেই বহুতো দল বা প্রার্থীয়ে মিথ্যাচাৰৰো আশ্রয় লোৱাৰ দৰে অনৈতিক কার্যত লিপ্ত হোৱাও দেখা যায়৷ কোনো কোনোৱে আকৌ ছল খটুৱাব নোৱাৰি বল খটুওৱাৰ চেষ্টাও কৰে৷ মুঠতে ছলে–বলে–কৌশলে ভোটাৰৰ মন জয় কৰাৰহে কথা৷ এনে ধামখুমীয়াত বহুতো ভোটাৰ বিভ্রান্ত হোৱাও দেখিবলৈ পোৱা যায়৷ তাৰ মাজতেই নির্বাচন আয়োগে ঠিক কৰি দিয়া দিনতে ভোটগ্রহণ অনুষ্ঠিত হয়৷ তাৰ পূর্বৰ পৰাই ‘নীৰৱ কাল’ আৰম্ভ হয়৷ কোনোৱেই নির্বাচনী প্রচাৰ চলাব নোৱাৰা হয়৷ নির্দিষ্ট দিনটোত সংশ্লিষ্ট ভোটাৰে নিজ নিজ ভোটকেন্দ্রলৈ গৈ নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰে৷ এক সামূহিক প্রচাৰ অভিযানৰ পিছত ব্যক্তিগত পর্যায়ত ভোটদান কৰিহে একোটা সমষ্টিৰ জনপ্রতিনিধিগৰাকীক্ বাছনি কৰিবলগীয়া হয় বাবে মানুহৰ উৎসুক্য বৃদ্ধি পোৱাটো তেনেই স্বাভাৱিক৷ এই উৎসুক্য কেৱল ৰাজনৈতিক দল বা প্রাৰ্থীৰ মাজতেই সীমাবদ্ধ হৈ নাথাকে, ই সাধাৰণ নাগৰিকৰ মাজলৈও বিস্তৃত হয়৷ এই উৎসুক্য পূৰাবলৈকেই বিভিন্ন সংস্থাই সমীক্ষা চলাই এগ্জিট প’ল প্রকাশ কৰে৷ এই এগ্জিট প’লৰ ওপৰত বহুতেই অনাস্থা প্রকাশ কৰাও দেখা যায়৷ স্বভাৱিকতেই এগ্জিট প’লক এগ্জিট প’লৰ সৈতে ৰিজাব নোৱাৰি৷ যিহেতু ই এটা সমীক্ষাহে, গতিকে ষোল্লনাই শুদ্ধ ফলাফল ওলাব বুলি কোনেও বুকুত হাত থৈ ক’ব নোৱাৰে৷ অৱশ্যে একেবাৰে নস্যাৎ কৰিবও নোৱাৰি, এই এগ্জিট প’ল বহুক্ষেত্রত মিলাও দেখিবলৈ পোৱা যায়৷ মুঠতে এটা অনিশ্চিত ফলাফল৷ তথাপি প্রতিবাৰেই এগ্জিট প’ল ওলায়৷ বহুতেই উদগ্রীৱ হৈ থাকে এগ্জিট প’ল ওলোৱালৈকে৷ কাৰণ, এগ্জিট প’লে সম্ভাৱনাৰ জল্পনা–কল্পনাক অধিক প্রকট কৰি তোলে৷ দলীয় নেতা–কম্ বা প্রাথ্য়ে জুকিয়াই চোৱাৰ সুযোগ পায়৷ কিন্তু তাৰ সার্থকতা একো নাথাকে৷ যি হ’বলগীয়া আছিল, ভোটগ্রহণৰ দিনাই হৈ গৈছে৷ এতিয়া আনুষ্ঠানিক ফলাফল ওলোৱালৈকে বাট চোৱাৰ কোনো গত্যন্তৰ নাই৷ মাথোঁ কেইবাদিনো নীৰৱতা অৱলম্বন কৰি থকাৰ পিছত আলোচনাৰ সমলহে প্রদান কৰে এই এগ্জিট প’লে, যেন কোনো ভুৰি ভোজনৰ পূর্বে এক ‘ষ্টার্টাৰ’হে৷ ষ্টার্টাৰ খাই থাকোঁতে আপুনি পৰৱত্ মূল ভোজন কেনে হ’ব পাৰে তাৰ অনুমান কৰিব পাৰিলেও সঠিককৈ ক’ব নোৱাৰে৷ সেই অনুমানো কেতিয়াবা নফলিয়াব পাৰে৷ এগ্জিট প’লৰ ক্ষেত্রতো সেই একে ৰিজনিয়েই খাটে৷ এবিধ মুখৰোচক উপাদান৷ আনুষ্ঠানিক ফলাফল প্রকাশ নোপোৱালৈকে বিভিন্ন পক্ষৰ মাজত ওখনা–উখনি, অৰিয়া–ৰি, মুখ চুপতা–চুপতি ইত্যাদিৰ সৰস সমল৷ কোনোবাই টিআৰপি পায়, কোনোবাই আলোচনাৰ অৱকাশ পায়, কোনোবাই ৰং চায় ইত্যাদি৷ এইখিনিতেই এগ্জিট প’লৰ গুৰুত্ব বা মহত্ত্ব৷