যোৰহাটত নৰ্থ ইষ্ট বেষ্ট মম এণ্ড এঞ্জেল-২০২৬ ছিজন ৬ৰ আয়োজন
বিগত পাঁচ বছৰৰ দৰে আৰ. এছ. ক্ৰিয়েছনৰ দ্বাৰা যোৰহাটত “নৰ্থ ইষ্ট বেষ্ট ম’ম এণ্ড এঞ্জেল ২০২৬ ছিজন ৬” সুপ্ত প্ৰতিভাৰ বিকাশৰ সৌন্দৰ্য্য প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটিৰ পৰিচালন সঞ্চালিকা ৰিজু আৰ শইকীয়াই এই কথা জানিবলৈ দিয়ে।
প্ৰতিযোগিতাখনৰ সহঃ পৰিচালিকা হিচাপে আছে ক্ৰমে হিমাদ্ৰি, শেৱালী, চয়নিকা, জিলমিল, জয়াৰাণী, ৰূপা আৰু স্বপ্নালী।
উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত শিশু, কিশোৰ, কিশোৰী, যুৱতী আৰু বিবাহিত মহিলাৰ ন ন প্ৰতিভাৰ লগতে জাতীয় সাজপাৰক পৰিচয় কৰাৰ মানসেৰে আৰ এচ ক্ৰিয়েছনৰ দ্বাৰা মুঠ পাচঁটা শাখাত ক্ৰমে- ক শাখাত ৪ বছৰৰ পৰা ৭ বছৰলৈ, খ শাখাত ৮ বছৰৰ পৰা ১১ বছৰলৈ ধাৰ্য কৰিছে। টীন শাখা ১২ বছৰৰ পৰা ১৫ বছৰলৈ আৰু মিচ শাখা ১৬ বছৰৰ পৰা ২৫ বছৰলৈ।মহিলাৰ চিলভাৰ শাখা ৩৯ বছৰলৈ আৰু গোল্ড শাখা ৪০ বছৰৰ পৰা ৪৯ বছৰলৈ। প্ৰতিযোগিতাখনৰ ডাইমণ্ড-১ শাখা ৫০ বছৰৰ পৰা ৫৯লৈ, ডাইমণ্ড-২ শাখা ৬০বছৰ উৰ্ধত।
যোগদানৰ মাচুল ক্ৰমে ক শাখা ৮০০ টকা, খ শাখা ১৩০০ টকা, টীন শাখা ১৭০০ টকা, মিচ শাখা ১৮০০ টকা। মহিলাৰ চাৰিটা শাখা ২০০০ টকা।
প্ৰতিযোগীসকলক ৩ দিনীয়া বিনামুলীয়া প্ৰশিক্ষণৰ লগতে যোগ, জুম্বা, শাৰীৰিক ফিটনেচ আৰু হেল্ঠ চেক-আপ দিয়া হব বুলি কোৱা হৈছে। অহা ২৮, ২৯ আৰু ৩০ মেত যোৰহাট চেন্ট্ৰেল ক্লাবত প্ৰশিক্ষণ দিয়াৰ পিছত ৩১ মে’ত যোৰহাট সাহিত্য সভা ভৱন হলত চুড়ান্ত প্ৰতিযোগিতাখন আড়ম্বৰতাৰে অনুষ্ঠিত কৰা হব।
প্ৰতিযোগিতাখনিত অসমৰ সংবাদ, ছবি, সঙ্গীত, ফেচন, আৰু নাট্য জগতৰ ভালেসংখ্যক তাৰকা বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব। উক্ত প্ৰতিযোগিতাখনিত উত্তৰ পূৰ্বাঞ্চলৰ পৰা অনলাইন বা অফলাইন যোগে যোগদান কৰিবৰ বাবে ৭০০২৬৬৭৭০০ নম্বৰত যোগাযোগ কৰিব পাৰিব।
বিশেষ বাৰ্তা, যোৰহাট, ৬ মে’