নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : দায়বদ্ধ হ’বলৈ শিকোঁ আহক

ধূলিৰ সৈতে মিহলি হৈ গ’ল বিৰোধী৷ একাংশই এইবাৰো বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰে চৰকাৰ হ’ব বুলি ভাবিছিল যদিও বিৰোধীৰ আসন বাঢ়িব বুলি অনুমান কৰিছিল৷ কিন্তু সকলো জল্পনা–কল্পনাৰ অন্তত বিৰোধীৰ সংখ্যা কমিল৷ নেচনেল ডেম’ক্রেটিক এলায়েঞ্চে লাভ কৰিলে ১০২খনআসন৷ বিজেপিয়ে অকলেই ৮২খন আসন লাভ কৰিলে৷ অগপ–বিপিএফে ১০খনকৈ আসন লাভ কৰি অবিশ্বাস্য বিজয় লাভ কৰিলে৷ এই ঐতিহাসিক জয়ৰ পিছতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিলে যে অসমৰ ৰাজনীতিত নতুন ইতিহাস ৰচনা হ’ল, প্রতিশ্রুতি পালন কৰিবলৈ নিষ্ঠাৰে কাম কৰিম৷ এতিয়া মূল কথাটো হ’ল–কেৱল চৰকাৰে নিষ্ঠাৰে কাম কৰিলেই নহ’ব৷ সাধাৰণ লোকো সজাগ–সচেতন হ’ব লাগিব৷ সামাজিক দায়িত্ব পালন কৰিব লাগিব৷ নাগৰিকে সামাজিক দায়িত্ব ভালদৰে পালন নকৰিলে যিকোনো চৰকাৰে ভাল কাম কৰিলেও সমাজত ইতিবাচক প্রভাৱ নপৰিব৷ সেয়ে আমি যিমান পাৰোঁ সিমান সজাগ–সচেতন হৈ সামাজিক দায়িত্ব পালন কৰিব লাগিব৷ মানুহ সামাজিক প্রাণী৷ সমাজত জীয়াই থাকিবলৈ আমি ইজনে সিজনৰ ওপৰত নির্ভৰ কৰোঁ৷ এই নির্ভৰশীলতাই জন্ম দিয়ে দায়বদ্ধতা৷ সামাজিক দায়বদ্ধতা মানেই হ’ল– সমাজৰ প্রতি কর্তব্য, দায়িত্ব৷ আজিৰ সমাজৰ অধিকাংশ মানুহেই কেৱল নিজৰ কথা ভাবে৷ মানুহে কেৱল নিজৰ কথা নাভাবি সমাজৰ ভালৰ বাবে চিন্তা আৰু কাম কৰিব লাগিব৷ কাৰণ আমি সকলোবোৰ ইজনে সিজনৰ সৈতে বান্ধ খাই আছোঁ৷ মহানগৰত আমি বৃহৎ অট্টালিকা বান্ধিছোঁ, উন্নত জীৱন যাপন কৰিছোঁ, অসাধাৰণ সাজপাৰ পৰিধান কৰিছোঁ, কিন্তু সামাজিক দায়িত্ব পালন কৰা নাই, তেনে কৰিলে মহানগৰখন স্বচ্ছ আৰু উন্নত কৰিব নোৱাৰি৷ গুৱাহাটীখনৰ নলা–নর্দমা প্লাষ্টিকময় হৈ পৰিছে৷ মানৱ শৰীৰৰ সিৰা–উপসিৰা বন্ধ হ’লে যিদৰে মানুহৰ মৃত্যু হয়, ঠিক তেনেদৰে এখন চহৰৰ নলা–নৰ্দমা বন্ধ হ’লে এখন চহৰৰ মৃত্যু হয়৷ এই কথা নাগৰিকে বুজি উঠা উচিত৷ গুৱাহাটীত কৃত্রিম বানৰ বহু কাৰণৰ ভিতৰত নলা–নর্দমাত প্লাষ্টিকৰ সামগ্রী পেলোৱাও এটা মুুখ্য কাৰণ৷ চৰকাৰে নলা–নর্দমা চাফা কৰিলে সমস্যা সমাধান হয়, কিন্তু নাগৰিকে নলাত প্লাষ্টিক নেপেলালে সেই সমস্যাই সৃষ্টি নহয়৷ গতিকে, সমস্যা সমাধান কৰিবলৈ সুবিধা দিয়াতকৈ সমস্যা সৃষ্টি নকৰাটোহে নাগৰিকৰ দায়িত্ব৷ এই দায়িত্ব আমি পালন কৰিব লাগিব৷

মহানগৰৰ ভিন্ন ঠাইত চৰকাৰে নতুন নতুন দলং, পথ মুকলি কৰিছে৷ তেনে দলং–পথবোৰ চাবলৈ মানুহ গৈছে৷ কিন্তু দুদিনৰ পিছতেই দেখিব সেই পথটো বা দলংখন অপৰিষ্কাৰ হৈ আছে৷ গুৱাহাটীৰ দাঁতিকাষৰীয়া ঠাই দীপৰ বিল, চানডুবি, চন্দ্রপুৰৰ দৰে মুকলি, সেউজ পৰিৱেশত মানুহে কিছু সময় নিৰলে, নীৰৱে অতিবাহিত কৰিবলৈ গৈও লেতেৰা কৰি আহে৷ এই দৃশ্যবোৰে ইয়াকেহ প্রমাণ কৰে যে সমাজত এতিয়াও সামাজিক দায়বদ্ধতাৰ বিষয়ে জ্ঞান থকা লোকৰ সংখ্যা তেনেই তাকৰ৷ মানুহে ন ন আৱিষ্কাৰ কৰি এই পৃথিৱীখন এনে এক স্তৰত উপনীত কৰাইছে যে যিটো আমি ১০ বছৰৰ আগতে কল্পনাই কৰা নাছিলোঁ৷ কিন্তু এনে এক সময়ত থিয় হৈও আমি স্বচ্ছতা–সামাজিক দায়বদ্ধতাৰ কথা আলোচনা কৰিবলগীয়া হোৱাটোও দুর্ভাগ্যজনক৷ শৰীৰ পৰিষ্কাৰ মানে মন পৰিষ্কাৰ৷ মন পৰিষ্কাৰ মানুুুহে কেতিয়াও বাট–পথ লেতেৰা কৰিব নোৱাৰে৷ কেৱল ৰাস্তা–বাট–পথৰ কথাই নহয়, নিজৰ অফিচ, দেশ, ৰাজ্যৰ প্রতিও দায়বদ্ধ হোৱা উচিত৷ যাৰ দায়িত্বত যি কাম আছে, সেই কামখিনি নিয়াৰিকৈ কৰাটোৱে হ’ল–সামাজিক দায়িত্ব৷ সমাজ/ৰাজ্যখনক জিলিকাবলৈ হ’লে ঐক্যবদ্ধ হৈ সকলোৱে কাম কৰিব লাগিব৷ কেৱল চৰকাৰে কৰিলেই নহ’ব৷ গুৰুজনাই সেই তেতিয়াতে কৈছিল– পৰৰ উপকাৰ কৰিবা৷ গতিকে, পৰৰ উপকাৰ কৰিবলৈ আমি সৰু সৰু কামেৰে এক বৃহৎ কার্য সম্পাদন কৰিব পাৰোঁ, সেই কামখিনি কৰিব লাগিব৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমাজৰ সকলো শ্রেণীৰ নাগৰিকক স্পর্শ কৰিবলৈ, সকাহ দিবলৈ যিবোৰ আঁচনি দিছিল, সেই আঁচনিবোৰো সামাজিক দায়বদ্ধতাৰেই চিন৷ ফলত এখন সুন্দৰ অসম গঢ়ি উঠিছে৷ তেনে এখন সুন্দৰ অসম গঢ়িবলৈ, অধিক জিলিকাবলৈ নাগৰিকসকলো সকলো দিশতেই দায়বদ্ধ হ’ব লাগিব৷ সৌ সিদিনা কমবয়সীয়া এজন যুৱকে এপিএছচিয়ে অনুষ্ঠিত কৰা পৰীক্ষাত প্রথম স্থান লাভ কৰি চাকৰিত মকৰল হৈ দুবছৰতে অবৈধ সম্পত্তি গঢ়াৰ বাবে দুর্নীতিত নিমজ্জিত হৈছিল৷ পিছত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ এইধৰণৰ কর্মকাণ্ডই সমাজখনক বহু দিনলৈ পিছুৱাহ নিয়ে৷ গতিকে, সকলোৱে সততাৰে, দায়বদ্ধতাৰে কেৱল নিজৰ বাবেই নহয়, সমাজৰ বাবেও কাম কৰা উচিত৷ তেতিয়াহে আগন্তুক ৫ বছৰত দেশৰ শ্রেষ্ঠ ৰাজ্যসমূহৰ ভিতৰত অসম এখন হ’ব৷ মুঠতে ৰাজ্যখনত বিশুদ্ধ বতাহ ল’বলৈ, নিৰোগী হৈ থাকিবলৈ সমাজ, প্রকৃতি, নলা–নৰ্দমা, নদী, বাট–পথ সকলো পৰিষ্কাৰ হৈ থকাটো জৰুৰী৷

You might also like