নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ দেশত লকডাউন বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত হৈছে । বুধবাৰে ভিডিঅ’ কনফাৰেঞ্চিংযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বদলীয় বৈঠকত অংশ লৈ এই ইংগিত দিছে । সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে । শেহতীয়া পৰিস্থিতি ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় – ‘সমগ্ৰ দেশ এক অভূতপূৰ্ব পৰিস্থিতিৰ মাজেৰে গৈ আছে । এয়া ৰাষ্ট্ৰীয় জৰুৰী অৱস্থাৰ দৰে পৰিস্থিতি । সেইবাবে দেশৰ বাবে প্ৰয়োজন, দেশবাসীৰ বাবে প্ৰয়োজনত কিছু অপ্ৰত্যাশিত সিদ্ধান্ত ল’ব লগা হৈছে ।’ প্ৰধানমন্ত্ৰী মোদীয়ে কয় – ‘সকলোৰে পৰামৰ্শ শুনি বুজিব পাৰিছো , লকডাউন প্ৰত্যাহাৰ কৰা বৰ সহজ নহ’ব । আমাৰ বিষয়াসকলে জিলা স্তৰতো যোগাযোগ অব্যাহত ৰাখিছে । তেওঁলোকেও নিজ অভিজ্ঞতাৰ জৰিয়তে জানিবলৈ দিছে যে সমগ্ৰ বিশ্বত যি পৰিস্থিতিৰ সৃষ্টি হৈছে , সেই অনুসৰি ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজৰ বাবে লকডাউনৰ প্ৰতি সকলো আস্থা ৰাখিছে ।’ প্ৰধানমন্ত্ৰী কয় যে এই মুহূৰ্তত প্ৰতিজন ব্যক্তিৰ জীৱন ৰক্ষা কৰাই চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ । উল্লেখ্য যে, দেশৰ প্ৰায়সংখ্যক ৰাজ্যই লকডাউনৰ ম্যাদ বৃদ্ধিৰ বাবে অনুৰোধ জনাইছিল । আনহাতে দেশৰ ৮০ শতাংশ ৰাজনৈতিক দলেই এতিয়া লকডাউন বৃদ্ধিৰ পক্ষত । প্ৰতিটো দলৰ নেতাই অংশ লোৱা এই আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰীয়ে ২১ দিনীয়া লকডাউন বৃদ্ধিৰ ইংগিত দিলেও পৰৱৰ্তী সময়ৰ লকডাউন সন্দৰ্ভত ১১ এপ্ৰিল শনিবাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি এই সূত্ৰত জানিব পৰা গৈছে । সেইদিনা দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে এক বৈঠকত মিলিত হ’ব আৰু তাৰ পিছতেই লকডাউনৰ ম্যাদ বৃদ্ধিৰ বিষয়ে ঘোষণা কৰিব ।