নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ লাখ টকা পৰ্যন্ত আয়কৰ ঘূৰাই দিবলৈ নিৰ্দেশ কেন্দ্ৰৰ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ সমগ্ৰ দেশতে ক’ৰোনা ভাইৰাছৰ সন্ত্ৰাসে শংকিত কৰি ৰখাৰ সময়তে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে কৰদাতাসকললৈ এক সুখবৰ প্ৰেৰণ কৰিছে । বুধবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৫ লাখ টকা পৰ্যন্ত আয়কৰ ঘূৰাই দিবলৈ এক বিশেষ নিৰ্দেশ জাৰি কৰিছে । ইয়াৰ ফলত কৰদাতা আৰু ব্যৱসায়ীসকলে বিশেষ সকাহ লাভ কৰিব । বিত্ত মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি যিসকল কৰদাতাৰ উৎসতে কৰ কৰ্তন হৈছিল সেইসকল কৰদাতাই ৫ লাখ টকা পৰ্যন্ত আয়কৰ ঘূৰাই পাব ।

ইফালে, একেটা নিৰ্দেশতে বিত্ত মন্ত্ৰণালয়ে জিএছটি আৰু কাষ্টম কৰ ঘূৰাই দিবলৈ নিৰ্দেশ দিছে । ইয়াৰ ফলত দেশৰ প্ৰায় ১ লাখ ব্যৱসায়ী আৰু এম এছ এম ইয়ে সকাহ পাব । কেন্দ্ৰীয় চৰকাৰে মুঠ ১৮ হাজাৰ কোটি টকাৰ কৰ ঘূৰাই দিবলৈ এই নিৰ্দেশৰ জৰিয়তে স্পষ্ট কৰিছে । মুখ্যতঃ ক’ভিড-১৯ এ সৃষ্টি কৰা জটিল পৰিস্থিতিৰ সৈতে জোৰা মাৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কৰদাতা আৰু ব্যৱসায়ী সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

You might also like