নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৬ৰ প্ৰথম ৰানাৰ্ছ আপ খিতাপেৰে জিলিকিল তেজপুৰৰ মৃগাশ্ৰী বৰুৱা

ডিজিটেল ডেস্ক, তেজপুৰ, ১৫ মে’ : নতুন দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত ১২ মে’ত ষ্টাৰ এন্টাৰটেইনমেন্টৰ উদ্যোগত আয়োজিত মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৬ত অসমৰ জীয়ৰী মৃগাশ্ৰী বৰুৱাই প্ৰথম ৰানাৰ্ছ আপৰ খ্যাতি অৰ্জন কৰাৰ লগতে পাৰফেক্ট বডী আৰু আটাইতকৈ সুন্দৰ খোজৰ বাবে দুটাকৈ বিশেষ টাইটেল লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনি ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে।

উল্লেখ্য যে তেজপুৰৰ পৰ্বতীয়া লুইতপাৰ নিৱাসী মানৱ অধিকাৰ আৰু শিশু সুৰক্ষা কৰ্মী তথা বিশিষ্ট লেখিকা ড০ বৰ্ণালী শৰ্মা বৰুৱা আৰু ঢেকীয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভাৰত জ্যোতি বৰুৱাৰ দুহিতা মৃগাশ্ৰী বৰুৱাই অশেষ চেষ্টা, অপৰিসীম কষ্ট-সাধনাৰ লগতে বুদ্ধিমত্তা আৰু প্ৰেৰণাদায়ক ব্যক্তিত্বৰে সমগ্ৰ দেশবাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।

এগৰাকী আইনৰ ছাত্ৰী, শাস্ত্ৰীয় নৃত্যশিল্পী তথা কলাশিল্পী মৃগাশ্ৰী বৰুৱা কেৱল সৌন্দৰ্যৰে সমাহাৰ নহয়, তেওঁ শিশুৰ অধিকাৰ, শিশু ভিক্ষা বৃত্তি আৰু শিশুৰ ওপৰত চলা যৌন নিৰ্যাতনৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি সমাজসেৱিকা ৰূপে অনন্য ৰূপত জিলিকি উঠিছে। তেওঁ এনে কৰ্মৰাজিৰ বাবে ইতিমধ্যে তিনিটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে মৃগাশ্ৰী বৰুৱা এগৰাকী সু-অভিনেত্ৰীও । ২০২২ চনত যুৱপ্ৰজন্মৰ দ্বাৰা পৰিচালিত বিশ্ববিদ্যালয়ৰ মাজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন চুটি ছৱিত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল, যিখন ছবি দেশৰ ভিতৰত তৃতীয় স্থান আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পঞ্চম স্থান লাভ কৰিছিল।

উল্লেখযোগ্য যে ১২ মে’ত দিল্লীত অনুষ্ঠিত হোৱা মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৬ৰ অভিনৱ অনুষ্ঠানটিত উক্ত অনুষ্ঠানটিৰ আন্তঃৰাষ্ট্ৰীয় সভাপতি তথা প্ৰতিষ্ঠাপক সভাপতি মিষ্টাৰ নাৱত আৰু মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল ২০২৫ খিতাপ অৰ্জন কৰা এমা টিগ্লাওৰ উপস্থিতিয়ে অনুষ্ঠানটি অধিক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে।

You might also like