নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ট্রেড যুদ্ধ নহয়, এইবাৰ চীন-আমেৰিকাৰ ট্রেড বন্ধুত্ব

বাণিজ্য সমীক্ষকসকলে যোৱাটো দশকতে ভৱিষ্যদ্বাণী কৰিছিল যে অদূৰ ভৱিষ্যতে সীমা আৰু সামৰিক শক্তি প্রদর্শনৰ বাবে বিশ্বযুদ্ধ নহয়৷ যদি তৃতীয় বিশ্বযুদ্ধ হ’বলগীয়া হয়, তেন্তে সেই বিশ্বযুদ্ধ হ’ব অর্থনীতিৰ বজাৰ দখলৰ বিশ্বযুদ্ধ৷ যোৱা আঢ়ৈটা বছৰত তেনে এক সম্ভাৱনাই প্রকট হৈ পৰিছে৷ ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ আঁৰৰ মূল কাৰকেই আছিল ইউৰেনিয়ামৰ ভাণ্ডাৰ দখলৰ যুদ্ধ৷ এই ৰক্তক্ষয়ী যুদ্ধৰ প্রভাৱ কিছু শাম কাটিছে যদিও এতিয়াও কিন্তু দুয়োপক্ষৰ মাজত ছেগা–চোৰোকাকৈ যুদ্ধ চলিয়েই আছে৷ মাজতে গাজা ষ্ট্রীপক লৈ ইজৰাইলে মধ্যপ্রাচ্যত ভয়ংকৰ যুদ্ধত অৱতীর্ণ হৈছিল আৰু সেই যুদ্ধ ইৰানলৈ সম্প্রসাৰিত হৈছে৷ ইজৰাইল–ইৰানৰ যুদ্ধত প্রত্যক্ষভাৱে নামি পৰিছে যুদ্ধবাজ আমেৰিকা৷ দেখাত ইৰানৰ পাৰমাণৱিক ঘাটি উচ্ছেদ কৰাৰ অজুহাততে আমেৰিকাই এই যুদ্ধত ইজৰাইলক প্রত্যক্ষভাৱে সহায় কৰিছে যদিও ইৰানৰ তৈল ভাণ্ডাৰ কুক্ষিগত কৰাৰ উদ্দেশ্য যে আমেৰিকাৰ আছে সেয়া সময় যোৱাৰ লগে লগে ওলাই পৰিছে৷ শেহতীয়াকৈ পনীয়া সোণ খাৰুৱা তেলৰ ব্যাপক চাহিদাৰ বাবে বিশ্বৰ পৰাক্রমী দেশসমূহে তৈল ভাণ্ডাৰ মজুত থকা দেশসমূহৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰিবলৈ পৰাক্রমী দেশসমূহে নিৰৱচ্ছিন্ন প্রচেষ্টা হাতত লৈছে৷ ভেনিজুৱেলাৰ তৈল ভাণ্ডাৰ নিয়ন্ত্রণৰ পিছত আমেৰিকাই ভাবিছিল ইজৰাইলৰ সহযোগত দেশখনে ইৰানৰ ওপৰত সহজে প্রভাৱ বিস্তাৰ কৰিব পাৰিব আৰু পনীয়া সোণৰ ভাণ্ডাৰ নিজৰ নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হ’ব৷ কিন্তু বাস্তৱত আমেৰিকাৰ এই উদ্দেশ্য সফল নহ’ল৷ সময় যিমানেই গৈছে, সিমানেই ইৰানে পৰাক্রমেৰে যুঁজ দি আমেৰিকাক যুঁজত সমুচিত প্রত্যুত্তৰ দিছে৷ কার্যতঃ এই যুদ্ধই ইতিমধ্যে আর্থিকভাৱে কিছু সংকটৰ গৰাহত পৰা আমেৰিকাৰ আর্থিক ক্ষতি আৰু বহুলাংশে বৃদ্ধি কৰিছে৷ ভাৰত, চীনকে ধৰি বহুকেইখন দেশৰ ওপৰত অভাৱনীয় কৰ আৰোপ কৰি আমেৰিকাই যি শুল্ক যুদ্ধ চলাইছিল সেই শুল্ক যুদ্ধও বুমেৰাং হোৱাৰ পিছত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প নিজৰ দেশৰ ভিতৰতে প্রচুৰ সমালোচিত হৈছে৷ আর্থিক সংকটে ক্রমাৎ বিদ্রোহৰ দিশে গতি কৰা আমেৰিকাৰ আর্থিক দিশ টনকিয়াল কৰাৰ বাবে স্বাভাৱিকতে ট্রাম্পে বিকল্পৰ সন্ধান কৰিবলগীয়া হৈছে৷ এই সন্ধানৰ বাবেই ট্রাম্পে প্রায় অপ্রত্যাশিতভাৱে বিশ্বৰ বজাৰ দখলৰ মূল প্রতিদ্বন্দ্বী ৰাষ্ট্র চীনলৈ দুহাত সম্প্রসাৰিত কৰিবলৈ বাধ্য হৈছে৷
আমেৰিকাই শুল্ক যুদ্ধৰ কথা পাহৰি চীনক বাণিজ্যৰ শক্তিশালী ঘনিষ্ঠ বন্ধু ৰাষ্ট্র হিচাপে আঁকোৱালি লোৱাৰ প্রয়াস কৰিছে৷ এই পদক্ষেপৰ প্রথম খোজ হিচাপে ট্রাম্পৰ নেতৃত্বত আমেৰিকা চৰকাৰ আৰু দেশখনৰ বিখ্যাত এআই কোম্পানীৰ শীর্ষ কার্যবাহীসকলে দুদিনীয়া চীন ভ্রমণ কৰিছে৷ এই ভ্রমণত ট্রাম্পে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ সৈতে কেইবালানি আলোচনাত মিলিত হৈছে৷ সমান্তৰালকৈ এল’ন মাস্ক, টিম কুক নেতৃত্বাধীন দেশখনৰ এআই কোম্পানীৰ শীর্ষ কার্যবাহীসকলেও চীনৰ বাণিজ্য মন্ত্রী আৰু দেশখনৰ ট্রেড এনালাইচিষ্টসকলৰ সৈতে বৈঠকত বহিছে৷ উল্লেখ্য যে আমেৰিকা আৰু চীনৰ মুঠ বাণিজ্য প্রায় ৪১৪ বিলিয়ন ডলাৰ৷ আমেৰিকাই যিকোনো দেশৰ সৈতে কৰা বাণিজ্যৰ এয়াই সকলোতকৈ বেছি৷ এই বিশাল বাণিজ্যৰ আমেৰিকাই ৩০৪ বিলিয়ন ডলাৰ আমদানি কৰাৰ বিপৰীতে কেৱল ১০৬ বিলিয়ন ডলাৰহে ৰপ্তানি কৰে৷ মুখ্যতঃ দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অধিক সম্প্রসাৰিত কৰি চীনলৈ ৰপ্তানি বৃদ্ধি কৰাৰ উদ্দেশ্যে ট্রাম্পে দুদিনীয়া কার্যসূচীৰে চীন ভ্রমণ কৰিছিল৷ আজি এই ভ্রমণৰ অন্তত ট্রাম্পে ঘোষণা কৰিছে যে তেওঁলোকৰ চীন ভ্রমণ অত্যন্ত ফলপ্রসূ আৰু এই ভ্রমণে দুয়োখন দেশৰ বাণিজ্যৰ অধিক শ্রীবৃদ্ধি কৰিব৷ তেওঁ লগতে প্রকাশ কৰিছে আমেৰিকাৰ টেক কোম্পানীসমূহত চীনৰ কোম্পানীসমূহে ১০০ বিলিয়ন ডলাৰতকৈ অধিক ধন বিনিয়োগ কৰিব৷ স্বাভাৱিকতে বিশ্বৰ দেশসমূহৰ মাজত বাণিজ্য যুদ্ধই মুখ্য স্থান দখল কৰাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পৰ এই চীন ভ্রমণে সমগ্র বিশ্বৰে দৃষ্টি আকর্ষণ কৰিছে৷ বিশেষকৈ এছিয়াৰ আন এক মহাশক্তিধৰ দেশ ভাৰতে ট্রাম্পৰ চীন ভ্রমণক সূক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰিছে৷ কিয়নো চীন–আমেৰিকাৰ বর্ধিত ট্রেড বন্ধুত্বই সমগ্র বিশ্বৰ বজাৰতে যে লক্ষণীয় প্রভাৱ পেলাব সেয়া নিশ্চিত৷

You might also like