পত্নী সন্ধানহীন, স্বামীৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ লক ডাউনৰ সময়ত নিজ পত্নীক নিখোজ হোৱাৰ পিছতে আত্মহত্য়া কৰিছে উত্তৰ প্ৰদেশৰ এজন লোকে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে লোকজনৰ পত্নী পিতৃ গৃহলৈ গৈছিল। লক ডাউন চলি থকা সময়তে পিতৃগৃহলৈ গৈ সন্ধানহীন হৈ পৰে মহিলাগৰাকী। পত্নীৰ কোনো সন্ধান নাপাই হতাশাত ভোগা লোকজনে নিজ বাসগৃহতে চিপজৰী লৈ আত্মহত্যা কৰে। ৰাধাকুণ্ড অঞ্চলত সংঘটিত হৈছে এই ঘটনা। আত্মহত্যা কৰা লোকজন ৰাকেশ ছনী বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। স্মৰ্তব্য যে দেশজুৰি লক ডাউন চলি থকা সময়তে বিভিন্ন ৰাজ্যৰ কেইবাজনো শ্ৰমজীৱী লোকে আত্মহত্যা কৰা ঘটনা পোহৰলৈ আহিছে।