নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেতন কৰ্তন হ’ব সবৰীমালা মন্দিৰৰ কৰ্মীৰ

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ কেৰালাৰ সবৰীমালা মন্দিৰকে ধৰি কেইবাটাও তীৰ্থস্থানৰ প্ৰায় ৩,৫০০ কৰ্মচাৰীৰ বেতন কৰ্তন কৰা হ’ব পাৰে। উল্লেখনীয় যে ২৫ মাৰ্চত দেশজুৰি তলাবন্ধ ঘোষণা কৰাৰ সাত দিন পূৰ্বে অৰ্থাৎ ১৮ মাৰ্চত সবৰীমালা মন্দিৰৰ দুৱাৰ বন্ধ কৰা হৈছিল। মাহিলি পূজা-অৰ্চনাৰ পিছতে মন্দিৰৰ দুৱাৰ কৰিছিল ট্ৰাভানকোৰ দেৱশ্বম ব’ৰ্ডে-এ। সবৰীমালা মন্দিৰকে ধৰি কেৰালাৰ লগতে দক্ষিণ ভাৰতৰ বহু তীৰ্থস্থান পৰিচালনা কৰি আহিছে টিডিবি-এ। ইয়াৰ ভিতৰত ৩,৫০০ কৰ্মচাৰী অতিৰিক্তভাৱে থকা বুলি সদৰী কৰিছে টিডিবি-এ। সংকটকালত এই কৰ্মচাৰীসকলৰ বেতনৰ বোজা কঢ়িওৱাটো কঠিন হৈ পৰিছে টিডিবিৰ বাবে। এই কৰ্মচাৰীসকলৰ বেতন কৰ্তন কৰাৰ চিন্তা-চৰ্চা কৰিছে মন্দিৰ পৰিচালনা বৰ্ডে। পুঁজিৰ অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ অনলাইনযোগে টিডিবি-এ ভক্তসকলক দান-বৰঙনিৰ বাবে আহ্বান জনাইছে।

You might also like