বেলশৰ মিলিজুলি সংঘৰ বসন্ত উৎসৱৰ সামৰণি
বিহু অসমীয়াৰ জাতিৰ প্ৰান,বিহু অসমীয়াৰ জাতিৰ মান। বিহু নাথাকিলে অসমীয়াৰ অস্তিত্ব নাথাকিব।ব’হাগ আহে কৃষ্টিৰ উন্মাদনালৈ,বহাগ আহে কৃষ্টিৰ পথাৰে পথাৰে।ব’হাগ আহে মানুহৰ হৃদয়ে হৃদয়ে। সৃষ্টিশীল নতুন পৰিৱৰ্তন লৈ ব’হাগ আহে। ব’হাগ আহে লুইতৰ পাৰত মহামিলনৰ গীত গাবলৈ। নানা জাতি,উপজাতিক এক লগ কৰিবলৈ ব’হাগ আহে।সমন্বয়ৰ সেঁতু গঢ়িবলৈ ব’হাগ আহে।সমন্বয়ৰ বাৰ্তালৈ জনগনৰ মাজলৈ ব’হাগ আহে।এই মন্তব্য বিশিষ্ট নাট্য শিল্পী ধীৰেণ কুমাৰ বৰ্মনৰ।
নলবাৰী জিলাৰ বেলশৰ মিলিজুলি সংঘৰ উদ্যোগত দেওবাৰে নিশা বেলশৰৰ ভয়ৰা-শান্তিপুৰ চ’কৰ প্ৰবীন্দ্ৰ বৰ্মন সোঁৱৰনী সমন্বয় ক্ষেত্ৰত বৰ্নাঢ্য কাৰ্যক্ৰমনিকাৰে আয়োজিত সপ্তদশ বাৰ্ষিক বসন্ত উৎসৱৰ জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰি নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী বৰ্মনে পুনৰ কয়- নানা জাতি,উপজাতিক এক লগ হৈ আমি আগবাঢ়ি যাৱ লাগিৱ।
এতিয়া জাতিৰ সংকট,ভাষাৰ সংকট আহিছে।সেয়ে আমাৰ জাতি, ভাষাটোক জীয়াই তুলিব লাগিৱ।আমাৰ যিবিলাক লোক কলা লোক সংস্কৃতি আছে সেইবিলাক আমি শুদ্ধ ৰূপত ধৰিব লাগিৱ।সেই বোৰ শুদ্ধ ৰূপত পৰিৱেশন কৰিব লাগিৱ।কাৰণ সংস্কৃতি নাথাকিলে জাতি,ভাষা জীয়াই নাথাকে।
বিশিষ্ট সাংবাদিক তথা বসন্ত উৎসৱ উদযাপন সমিতিৰ মুখ্য অনুষ্ঠান পৰিচালক অৰূপ ৰঞ্জন বৰ্মনে বসন্ত উৎসৱৰ প্ৰতিটো কাৰ্যসূচী পৰিচালনা কৰা অনুষ্ঠানৰ সন্ধিয়া চাৰি মহান শিল্পী সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা,প্ৰানৰ শিল্পী জুবিন গাৰ্গ, নাগাৰা সূৰ্য্য ৰামচৰন ভড়ালী, আন্তঃৰ্জাতিক খ্যাতিসম্পন্ন বাঁহী বাদক দীপক কুমাৰ শৰ্মালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জনাই দুই বিশিষ্ট সমাজকৰ্মী,জ্যেষ্ঠ নাগৰিক প্ৰমোদ চন্দ্ৰ ঠাকুৰীয়া,অনন্ত বৰ্মন, নাট্য শিল্পী নৱজ্যোতি মিশ্ৰ,সংগীত শিল্পী ৰাণা কুমাৰ বৰ্মনে।
সন্ধিয়াৰ পৰা নিশাৰ ভাগলৈ অনুষ্ঠিত হোৱা বাৰেৰহনীয়া সাংস্কৃতি অনুষ্ঠানৰ ‘বসন্তৰ সাংস্কৃতিক এনিশা’ৰ সংগীতানুষ্ঠাটি উদ্বোধন কৰি নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসে গীত-কথাৰে ৰাইজক আকৰ্ষন কৰিবলৈ সক্ষম হয়। উৎসৱ উদযাপনৰ স’তে সংগতি ৰাখি পুৱাৰ ভাগত উৎসৱৰ পতাকা উত্তোলন কৰে বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি নিয়নদেৱ বৰ্মনে।
সমন্বয় ক্ষেত্ৰ মুকলি কৰে প্ৰবীন খেলুৱৈ দীপক বৰ্মন আৰু খেল-ধেমালি প্ৰতিযোগিতা উদ্বোধন প্ৰাক্তন খেলুৱৈ তপন বৰ্মনে। ইপিনে, উৎসৱ উপলক্ষে চিত্ৰাংকন, কুইজ, ভেশচন প্ৰতিযোগিতাৰ লগতে সন্ধিয়া আয়োজন কৰা বসন্তৰ সাংস্কৃতিক এনিশাৰ কাৰ্যসূচীত প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ আধাৰত আমন্ত্ৰিত একক নৃত্য প্ৰদৰ্শন, আমন্ত্ৰিত বিহু হুচৰি প্ৰদৰ্শন, বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ উপৰি কন্ঠশিল্পী প্ৰদ্যুষ হালৈ আৰু ধৃতিদ্বীপা কাশ্যপে গীত পৰিৱেশন কৰি সহস্থাধিক দৰ্শক ৰাইজক আপ্লুত কৰে।
বিশেষ বাৰ্তা, নলবাৰী, ১৮ মে’