সম্পাদকীয় : হিন্দু-মুছলমানৰ ৰাজনীতি
অসম আৰু পশ্চিমবংগ বিধানসভা নির্বাচনত বিজেপি তথা এনডিএৰ চমকপ্রদ বিজয়ৰ লগে লগে আকৌ হিন্দু–মুছলমানৰ ৰাজনীতিৰ প্রসংগ উত্থাপন হৈছে৷ বিজেপিৰ অভূতপূর্ব নির্বাচনী সাফল্যৰ বাবে কংগ্রেছ তথা বিৰোধী দলসমূহৰ নেতাসকল এতিয়া হিন্দু–মুছলমানৰ ৰাজনীতিক লৈ সৰৱ হৈছে৷ শেহতীয়া অসম বিধানসভা নির্বাচনত বিজেপি তথা এনডিএ যে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হ’ব, তাক লৈ সর্বসাধাৰণ ভোটদাতা নিশ্চিত হৈ আছিল৷ ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপিয়ে অসমত প্রথমবাৰৰ বাবে চৰকাৰ গঠনৰ পিছত ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ আৱেগ–অনুভূতিক অত্যধিক গুৰুত্ব প্রদান কৰি আহিছে৷ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ মাজত সৃষ্টি হোৱা নিৰাপত্তাহীনতা আৰু ভৱিষ্যৎ সুৰক্ষাক লৈ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখনে এলানি বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছে৷ বিশেষকৈ অসমৰ ঐতিহ্য–সংস্কৃতিৰ প্রচাৰ আৰু প্রসাৰৰ উপৰি বাংলাদেশী মূলৰ লোকসকলে পৰিকল্পিতভাৱে চলোৱা চৰকাৰী আৰু বনাঞ্চলৰ ভূমিত বেদখল উচ্ছেদ চলাইছে৷ ৰাজ্য চৰকাৰখনৰ এনে কঠোৰ পদক্ষেপক কংগ্রেছকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহে বিৰোধিতা কৰাৰ ফলত খিলঞ্জীয়া লোকসকলে এনডিএৰ পক্ষত ঐক্যবদ্ধ হৈছে৷ এতিয়া কংগ্রেছেই নহয়, বিৰোধী দলসমূহেও ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ মাজত খোপনি হেৰুৱাইছে৷ শেহতীয়া বিধানসভা নির্বাচনত অসমৰ ১২৬খন আসনৰ ভিতৰত বিজেপিয়ে ৮২খন, অগপ আৰু বিপিএফে ১০খনকৈ আসন লাভ কৰি মুঠ ১০২খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছে লাভ কৰিছে ১৯খন আসন৷ লক্ষণীয় এয়ে যে কংগ্রেছৰ বিজয়ী বিধায়কসকলৰ ভিতৰত ১৮জনেই বাংলাদেশী মূলৰ মুছলমান বিধায়ক৷ মাথোঁ নাওবৈচা সমষ্টিৰ পৰা বিজয়ী ডাঃ জয়প্রকাশ দাস হ’ল একমাত্র কংগ্রেছৰ হিন্দু বিধায়ক৷ দেশৰ স্বৰাজোত্তৰ সময়ছোৱাত অতিকৈ শোচনীয় ফলাফল লাভ কৰা শতিকাপুৰণি দলটোৱে এতিয়া বিধানসভাৰ মজিয়াত বিৰোধীৰ দায়িত্ব সুচাৰুৰূপে প্রতিনিধিত্ব কৰাক লৈও তীব্র সংকটৰ সন্মুখীন হৈছে৷ কংগ্রেছ বিধায়িনী দলৰ নেতা কোন হ’ব, তাক লৈও মুকলি যুঁজ চলিছে কংগ্রেছৰ ভিতৰচ’ৰাত৷ যিহেতু কংগ্রেছ বিধায়কসকলৰ এজনক বাদ দি বাকীবোৰ মুছলমান বিধায়ক, সেয়ে বিধায়িনী দলৰ নেতাক লৈ সমস্যাৰ উদ্ভৱ হোৱাটো অস্বাভাৱিক নহয়৷ কিন্তু কংগ্রেছ দলত সৃষ্টি হোৱা এনে পৰিস্থিতিয়ে আগন্তুক দিনবোৰত শতিকাপুৰণি দলটোক খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ পৰা আঁতৰাই নিয়াটো স্বাভাৱিক৷
স্বৰাজোত্তৰ কালৰ ৰাজ্যখনৰ ৰাজনীতি পর্যবেক্ষণ কৰিলে এই কথা স্পষ্ট হয় যে ধর্মীয় সংখ্যালঘু ৰাজনীতিৰ এক সুকীয়া ধাৰা চলি আছে৷ বাংলাদেশী মূলৰ লোকসকলৰ মাজত ভয় আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি কৰি এই ৰাজনীতি চলাই থকা হৈছে৷ দেশৰ স্বৰাজোত্তৰ তিনিটা দশকত অসমৰ মুছলমানসকলে কংগ্রেছক চকু মুদি সমর্থন কৰিছিল৷ কংগ্রেছৰ ভোটবেংকত পৰিণত হৈছিল মুছলমান ভোটদাতাসকল৷ কিন্তু ১৯৮৫ত অসম চুক্তি স্বাক্ষৰৰ পিছত ৰাজ্যজুৰি সৃষ্টি হোৱা আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ ঢৌৰ সময়তে বাংলাদেশী মূলৰ হিন্দু আৰু মুছলমানসকলে নিশাৰ ভিতৰতে জন্ম দিছিল সংযুক্ত সংখ্যালঘু মর্চা (ইউএমএফ) দল৷ ইউএমএফে জন্মলাভ কৰিয়েই ১৯৮৫ৰ বিধানসভা নির্বাচনত ১৮খন আসনত জয়লাভ কৰাৰ বিপৰীতে বৰপেটা লোকসভা সমষ্টিত বিজয়ী হৈছিল এ এফ গোলাম ওছমানী৷ ১৯৯১ৰ নির্বাচনৰ সময়ত ইউএমএফৰ অধিকাংশ বিধায়কেই কংগ্রেছত যোগদান কৰি বিজয়ী হৈছিল৷ আইএমডিটি আইনখন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰাৰ পিছত ২০০৬ৰ বিধানসভা নির্বাচনৰ পূর্বে আকৌ বংগীয় মূলৰ মুছলমানসকলক সুৰক্ষা প্রদানৰ লক্ষ্যৰে বদৰুদ্দিন আজমলৰ নেতৃত্বত গঠন হৈছিল ইউডিএফ দল৷ ২০২১ৰ বিধানসভা আৰু লোকসভা নির্বাচনত বংগীয় মূলৰ মুছলমানৰ সমর্থনেৰে সুকীয়া ৰাজনৈতিক ধাৰাৰ সৃষ্টি কৰা এআইইউডিএফ দলৰ প্রতি মুছলমান লোকসকলৰ মাজত খহনীয়া আৰম্ভ হৈছে৷ সদ্যসমাপ্ত নির্বাচনত বংগীয় মূলৰ মুছলমানে কংগ্রেছক মুকলিকৈ সমর্থন দিছে৷ আনকি খিলঞ্জীয়া মুছলমানৰ সিংহভাগেও কংগ্রেছক সমর্থন দিছে৷ সদ্যসমাপ্ত নির্বাচনত বিজেপি আৰু এনডিএৰ চমকপ্রদ সাফল্যৰ মূলতেই হ’ল খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ ঐক্যবদ্ধ জনাদেশ৷ এইক্ষেত্রত ২০২৩ত সমষ্টি পুনৰ নির্ধাৰণে খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ ঐক্যবদ্ধ কৰাত সফল হৈছে৷ যদিহে কংগ্রেছে খিলঞ্জীয়া জাতি–জনগোষ্ঠীক এলাগী কৰি মাথোঁ মুছলমান ভোটবেংকৰ জৰিয়তে ক্ষমতা দখলৰ সপোন দেখিছে, সেয়া অলীক সপোন হৈ ৰ’ব৷