নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰুবাৰীত কোৱাৰেণ্টাইনত ৰখা ২৪গৰাকীক ঘৰলৈ পঠিওৱাক লৈ চাঞ্চল্য

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত গুৱাহাটীৰ বিৰুবাৰীত কোৱাৰেণ্টাইনত ৰখা ২৪ গৰাকী লোকক বুধবাৰে বিভাগীয় কৰ্তৃপক্ষই ৰিলিজ কৰি দিয়াৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ আৱাসী মনীষ তব্ৰেৱালৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰাৰ পাছতে উক্ত বিলাসী এপাৰ্টমেণ্টটোত কৰ্মৰত ১৫ গৰাকী সুস্থ লোকক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছিল। ইয়াৰ পাছতে এইকেইগৰাকী লোকক বিৰুবাৰীত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছিল। লোক কেইগৰাকীক ক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত নহয় বুলি পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতে চিকিৎসকে লোককেইগৰাকীক ঘৰলৈ পঠিয়াই দিয়ে। বৃহস্পতিবাৰে পুনৰ স্বাস্থ্য বিভাগৰ এটা দলে লোকসকলক ফোনযোগে পুনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব বুলি অৱগত কৰে। ইয়াৰ পাছতে
একাংশ লোকে আত্মগোপন কৰে। এই ঘটনা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰে যোগাযোগ কৰাত বুধবাৰে বিৰুবাৰীত কোৱাৰেণ্টাইনত ৰখা ২৪গৰাকী লোকক ঘৰলৈ যাবলৈ দিয়া হৈছিল বুলি জানিবলৈ দিয়ে। মহামাৰীৰ ৰূপ লোৱা ক’ৰোনাৰ আতংকৰ মাজতে ক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত নহয় বুলি পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছতেই চিকিৎসকে লোকসকলক কিয় ঘৰলৈ যাবলৈ দিছিল তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

You might also like