আইপিএলৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থানক হৰুৱাই খিতাপ যুঁজত গুজৰাট টাইটানছ
ডিজিটেল ডেস্ক, ৩০ মে’ : অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ চলিত আইপিএলৰ ফাইনেলত প্রৱেশৰ স্বপ্ন ধূলিসাৎ হ’ল৷ প্রতিযোগিতাখনৰ শুকুৰবাৰে অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থানে গুজৰাট টাইটানছৰ হাতত ৭ উইকেটত পৰাস্ত হয়৷ মেচখনত বিজয় সাব্যস্ত কৰি গুজৰাটে ফাইনেলত প্রৱেশ কৰে আৰু অহা দেওবাৰে হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰে মুখামুখি হ’ব৷
শুকুৰবাৰৰ মেচখনত গুজৰাটৰ জয়ৰ মূলতেই হ’ল অধিনায়ক শুভমন গিলৰ দর্শনীয় শতক তথা অ’পেনাৰ সাই সুদর্শনৰ চমকপ্রদ অর্ধশতক৷ ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ২১৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰদ্বয় সুদর্শন আৰু গিলৰ দর্শনীয় বেটিঙৰ সহায়ত গুজৰাটে ১৮.৪ অভাৰত ৩টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ সুদর্শন আৰু গিলে প্রথম উইকেটত ১৬৭ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ সুগম কৰি তোলে৷ সুদর্শনে ৩২টা বলত ৫৮ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে গিলে ৫৩টা বলত ১০৪ ৰান কৰি পেভিলিয়নমুখী হয়৷ বাটলাৰে ৯ ৰানত অপৰাজিত হৈ থকাৰ বিপৰীতে ৱাশ্বিংটনে ১৬ ৰানত বিদায় লয়৷ ইফালে, ৰাহুল টেৱাটিয়াই ১৭ ৰান কৰি নটআউট হৈ থাকে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও বৈভৱ সূর্যবংশীৰ বিধ্বংসী বেটিঙৰ সহায়ত ৰাজস্থান ৰয়েলছে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২১৪ ৰান সংগ্রহ কৰে৷ দলীয় স্ক’ৰ ৯ ৰানতে অ’পেনাৰ জয়ছোৱাল (১) আৰু জুৰেল (৭)ক হেৰুৱাই দলটো বিপদত পৰিছিল৷ অৱশ্যে বৈভৱে মাৰমুখী বেটিঙেৰে দলটোক সবল স্থিতিত উপনীত কৰায়৷ বৈভৱক যোগ্য সহযোগিতা আগবঢ়ায় ৰবীন্দ্র জাদেজাই৷ বৈভৱে ৪ ৰানৰ বাবে পুনৰ শতকৰ পৰা বঞ্চিত হয়৷ ৪৭টা বলত আঠটা চাৰি আৰু সাতটা ছয়েৰে ৯৬ ৰানত বিদায় লয় বিস্ফোৰক অ’পেনাৰগৰাকীয়ে৷ জাদেজাই ৪৫ ৰান কৰি নটআউট হৈ থাকে৷ অধিনায়ক ৰিয়ান পৰাগে ১১ ৰান কৰি বিদায় লয়৷ শেষৰ পিনে ফেৰেইৰাই ১১টা বলত অপৰাজিতভাৱে ৩৮ ৰান কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ গুজৰাটৰ হৈ ৰাবাডা আৰু জেছন হল্ডাৰ উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰে৷