নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্ৰপুৰত পাঁচটা বাসগৃহ চূৰ্ণ-বিচূৰ্ণঃ অসহায় পৰিয়ালৰ দুৰ্ভোগ

ভৰলুমুখ, ভঙাগড়, কালাপাহাৰ, ভূতনাথত ৰাজপথত উভালি পৰিল প্ৰকাণ্ড গছ

নিয়মীয়া বাৰ্তা ১১ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰি আতংকময় পৰিৱেশ সৃষ্টি কৰি থকাৰ সময়তে বৃহস্পতিবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে মহানগৰীত বিস্তৰ ক্ষতি কৰিছে। নিশা প্ৰায় ৯ বজাত অহা প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিয়ে মহনগৰীৰ ভৰলুমুখ-ভঙাগড়, কালাপাহাৰ, ভূতনাথত কেইবাডালো প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে চন্দ্ৰপুৰ অঞ্চলৰ একাধিক গাঁৱৰ বিস্তৰ ক্ষতি কৰে। ধুমুহাজাকে চন্দ্ৰপুৰ অঞ্চলৰ ঠাকুৰকুছি গাঁৱৰ বাসিন্দা প্ৰভা বড়োৰ চালিঘৰ উৰুৱাই নিয়ে। ফলত পৰিয়ালটোৰ সদস্য়সকলে খাটৰ তলত সোমাই নিজৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় যদিও ঘৰৰ ভিতৰত আচবাব, সামাগ্ৰী ভাগি চূৰ্ণ-বিচূৰ্ণ হয়। আনহাতে ২ নং চন্দ্ৰপুৰৰ বাসিন্দা অনিল কুমাৰ, অৰ্জুন প্ৰসাদ, তিলক থাপা আৰু ৰজিন্তা যাদৱ নামৰ চাৰিওটা পৰিয়ালৰ বাসগৃহ ভাঙি চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে টিনপাত আৰু খেৰৰ চালি বতাহে উৰুাই
নিয়ে। ফলত পৰিয়ালেকেইটাই বিনিদ্ৰ ৰজনীৰে নিশা কটাবলগীয়াত পৰে। দৰিদ্ৰ পাঁচটি পৰিয়ালৰ বাসগৃহ ভাগি চূৰ্ণ-বিচূৰ্ণ হোৱাৰ ফলত এসাঁজ খাবলৈ হাহাকাৰ হোৱাৰ লগতে নিশা কটাবলৈ স্থান নাইকিয়া হৈ আছে। অৱশ্য়ে স্থানীয় পৰিয়ালকেইটাৰ বাসগৃহ নিৰ্মাণৰ বাবে সহায়ৰ হাত আগবঢ়াইছে। ইপিনে নিশাৰ ধুমুহাজাকে বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলৰ অধিকাংশ পৰিয়ালৰ বহু গছ ভাঙি ক্ষতি কৰিছে। আনহাতে ধুমুহাজাকৰ ফলত নাৰেংগী-চন্দ্ৰপুৰ সংযোগী ঘাইপথৰ দাঁতিৰ কেইবাডালো প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাতে পথটোৰ যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে। অৱশ্যে নিশাই প্ৰাগজ্যোতিপুৰ আৰক্ষীৰ এটি দলে এছ এছ বি জোৱানৰ সহযোগত পথৰ মাজতে বাগৰি থকা গছসমূহ আঁতৰাই পেলাই যাতায়াত ব্যৱস্থা সুচল কৰি তোলে। উল্লেখ্য যে এই ধুমুহাৰ ফলত মহানগৰীত শুকুৰবাৰে দুপৰীয়ালৈকে ঠায়ে ঠায়ে বিদ্যুত যোগান ব্যাহত হৈ পৰাত এক অভাৱনীয়
পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্য়ে এপিডিচিএলৰ কৰ্মচাৰীসকলে বিদ্যুতৰ তাঁৰ মেৰামতি কৰাত বিয়লিৰ ভাগত পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

You might also like