নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ প্ৰভাৱ খাদ্যৰ অভাৱত হাজাৰ হাজাৰ ব্ৰইলাৰ কুকুৰাৰ মৃত্যু

বন্ধ বিক্ৰীকেন্দ্ৰঃ মহানগৰীৰ যুৱ ক্ষুদ্ৰ উদ্যোগীৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ বিশ্বত্ৰাস ক’ৰোনাৰ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি চলা দীঘলীয়া লকডাউন পৰিপ্ৰক্ষিতত বিশেষভাৱে কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে। উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰাৰ ফলত পথাৰ তথা উৎপাদনস্থলীত গেলি পচি যাবলৈ ধৰাত মূৰে কপালে হাত দিবলগীয়া হৈছে মায়ঙৰ প্ৰায় দহগৰাকী কুকুৰা পালক। লকডাউনৰ ফলত বিক্ৰী ব্যৱস্থা বন্ধ হৈ পৰাৰ উপৰি প্ৰয়োজানীয় খাদ্য যোগান ধৰিব নোৱাৰাৰ ফলত হাজাৰ হাজাৰ কুকুৰাৰ মৃত্যু হোৱাৰ বিষয়ে জানিব পৰা গৈছে। উল্লেখ্য যে মায়ং অঞ্চলৰ প্ৰায় দহগৰাকী নিবনুৱা যুৱকে স্বাৱলম্বী হোৱাৰ মানসেৰে ব্ৰইলাৰ পালন কৰিছিল। সেইমতে কুকুৰা পালনৰ ব্যৱস্থা কৰি দিয়া কেইবাটাও বেচৰকাৰী প্ৰতিষ্ঠানৰ তত্বাৱধানত বিগত কেইবা বছৰ ধৰি অঞ্চলটোৰ বিদ্যাধৰ শইকীয়া, ৰবি শইকীয়া, মৃদুল শইকীয়া, প্ৰদীপ ভূঞা, সত্যজিৎ শইকীয়াকে ধৰি বহুকেইজনে ব্ৰইলাৰ পালনৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি আছে। কিন্তু যোৱা ২৪ মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলো বিক্ৰীকেন্দ্ৰ বন্ধ হৈ পৰাৰ বাবে নিৰ্দিষ্ট বেচৰকাৰী সন্থাকেইটাই কুকুৰা ক্ৰয় কৰাৰ পৰা বিৰত আছে। ফলত বিত্ৰীৰ ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰাত হাজাৰ হাজাৰ পৈণত কুকুৰাক আহাৰ যোগান ধৰিব লগা হৈছে। ইয়াৰ বিপৰীতে লকডাউনৰ ফলত নিৰ্দিষ্ট প্ৰতিষ্ঠানসমূহে কুকুৰাৰ খাদ্য যোগান ধৰিব নোৱাৰাত বিগত ভালেমান দিনৰে পৰা তীব্ৰ খাদ্য সংকটত পৰিছে কুকুৰা পালকসকল। ইয়াৰ ফলত প্ৰতিখন ফাৰ্মত কেইবাদিন ধৰি বহু হাজাৰ কুকুৰা মৃত্যুমুখত পৰিছে। ফাৰ্মৰ কেইবাগৰাকী স্বত্বাধিকাৰীয়ে প্ৰকাশ কৰা মতে খাদ্য অভাৱক দৈনিক চকুৰ সন্মুখতে প্ৰতিখন ফাৰ্মত চটফটাই মৃত্যু ঘটিছে শ শ কুকুৰাৰ। আটাইকেইখন ফাৰ্মৰ হাজাৰ হিচাপত মৃত্যু হোৱা এনে কুকুৰা সমূহ আনকি দৈনিক বৃহত বৃহত গাঁত খান্দি পুতিবলগীয়া অৱস্থা হৈছে। ফলস্বৰূপে কুকুৰা পালকসকল মাত্ৰাধিক লোকচানৰ সন্মুখীন হোৱাত বৰ্তমান গভীৰ আৰ্থিক সংকটত ভুগিছে। এইক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ বাবে আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে কুকুৰা পালকসকলে।

You might also like