নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ নিজৰ জীৱনকো তুচ্ছ কৰি এনে সংকটকালত চিকিৎসা সেৱা আগবঢ়াই অহা চিকিৎসকসকলো এতিয়া এই মাৰাত্মক ক’ৰোনাৰ পৰা ৰক্ষা নপৰাত তেওঁলোকৰ জীৱন বিপন্ন হৈ পৰিছে ।
ভাৰতত এতিয়ালৈকে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা ৯০ জনৰো অধিক চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ শৰীৰত ক’ভিড-১৯ ধৰা পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক সূত্ৰত এই কথা প্ৰকাশ পাইছে।
উল্লেখ্যে যে, বিভিন্ন সময়ত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ বাবে প্ৰতিৰক্ষা সামগ্ৰী(পিপিই) যথোপযুক্ত যোগান নথকা বাবেই ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ সময়ত যথেষ্ট সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে । যাৰ বাবে দেশৰ চিকিৎসাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই থকা চিকিৎসক-নাৰ্চ-কৰ্মীসকল ক’ৰোনা ভাইৰাছত সংক্ৰমণৰ সম্ভাৱনা নথকা নহয় ।
Till now, around 90 doctors, nurses and paramedics staff have tested positive for #COVID19 across the country: Sources
— ANI (@ANI) April 12, 2020