অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩২ লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ শেহতীয়াকৈ অসমত মঙলবাৰে নিশা পুনৰ ধুবুৰীৰ এগৰাকী মহিলা কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ এই মহিলা গৰাকী নিজামুদ্দিন মাৰ্কাজ আৰু গুৱাহাটীৰ আঠগাঁৱৰ কৱৰস্থান মছজিদৰ সমাৱেশত অংশ লৈ ইতিমধ্যে কোভিড-১৯ত আক্ৰান্ত হোৱা এগৰাকী ব্যক্তিৰ পত্নী ৷
ইয়াৰ ফলত অসমত এনে ৰোগীৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি ঘটিছে ৷ এই কথা প্ৰকাশ কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
Alert ~ A woman from Dhubri has tested #COVID positive. She is wife of a #COVID19 positive person who is connected both with #NizamuddinMarkaz, and Athgaon Kabristan congregation in Guwahati.
The number of patients is now 32.
Update at 10.25 pm / April 14#AssamCovidCount
— Himanta Biswa Sarma (@himantabiswa) April 14, 2020