উলিয়াই দিলে ঘৰৰ মালিকেঃ খাৰঘুলিৰ ৰাজপথত আশ্রয় অটোচালকৰ পৰিয়ালৰ
নিয়মীয়া বার্তা, ১৬ এপ্রিলঃ কেন্দ্রীয় চৰকাৰে লকডাউন ঘোষণা কৰাৰ পিছৰে পৰা সমগ্র দেশতে অচল অৱস্থাৰ সৃষ্টি হোৱাৰ সময়তে ভাৰা আদায় নিদিয়াৰ বাবে ঘৰৰ গৰাকীয়ে এটা পৰিয়ালক ঘৰৰ পৰা উলিয়াই দিয়াত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷ এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ লতাশিল থানাৰ অন্তর্গত জয়পুৰৰ ভূঞা চ’কত ৷ উল্লেখ্য যে জয়পুৰৰ ভূঞা চ’কৰ বাসিন্দা ভূপেন ডেকাৰ ঘৰত ভাৰাতীয়া জিণ্টু আলী নামৰ লোকজনে চাৰিজনীয়া পৰিয়ালটোৰ সৈতে অটো চলাই বাস কৰি আছিল ৷ বিগত ডেৰ মাহ পূর্বে জিণ্টু আলীৰ সোঁ ভৰি ভাগি যোৱাত ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হয় ৷ ফলত আলীৰ পত্নীয়ে দিন হাজিৰা কৰি পৰিয়ালটোক পোহপাল দি আছিল ৷ ঠিক সেই সময়তে লকডাউন ঘোষণা কৰাত জিণ্টু আলীৰ পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয় আৰু অনাহাৰে দিন অতিবাহিত কৰিবলগীয়া হয় ৷ সোমবাৰে পুৱাৰ ভাগত ঘৰৰ গৰাকী ভূপেন ডেকাই জিণ্টু আলীক ভাৰা আদায় দিয়াৰ নির্দেশ দিয়ে, অন্যথা ঘৰ এৰি যাবলৈ ভাবুকি দিয়ে ৷ শেহতীয়াভাৱে ঘৰৰ গৰাকীয়ে জিণ্টু আলীৰ পৰিয়ালটোক ঘৰৰ পৰা উলিয়াই দিয়ে ৷ উপায়হীন হৈ দুর্ভগীয়া পৰিয়ালটোৱে ঘাইপথত আশ্রয় ল’বলগীয়া হয় ৷ ঘটনা সন্দর্ভত স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰোৱাৰ লগে লগে লতাশিল থানাৰ আৰক্ষীৰ লোক উপস্থিত হৈ পৰিয়ালটোক উদ্ধাৰ কৰি পুনৰ ঘৰত সুমুৱাই দিয়ে ৷ আৰক্ষীয়ে ভাৰাতীয়া পৰিয়ালটোক ঘৰৰ পৰা উলিয়াই নিদিবলৈ ঘৰৰ গৰাকী ভূপেন ডেকাক নির্দেশ দিয়াৰ লগতে পুনৰ এনে কার্য কৰিলে গ্রেপ্তাৰ কৰিব বুলি সকীয়াই দিয়ে ৷