প্রথমবাৰৰ বাবে ৰাজ্যিক চিৰিয়াখানাত ঘঁৰিয়ালে পাৰিলে কণী
নিয়মীয়া বার্তা, ১৮ এপ্রিলঃ লকডাউনৰ মাজতে অসমবাসীলৈ সুখবৰ ৷ কেইদিনমান পূর্বে ৰাজ্যিক চিৰিয়াখানাত সোণালী বান্দৰৰ পোৱালি জন্ম হোৱাৰ পিছত এইবাৰ চিৰিয়াখানাত প্রথমবাৰৰ বাবে এটা ঘঁৰিয়ালে ১০টা কণী পাৰে ৷ শুকুৰবাৰে চিৰিয়াখানাৰ কর্মচাৰীয়ে জীৱ–জন্তুক খাদ্য প্রদান কৰিবলৈ গৈ ঘঁৰিয়ালৰ কণীকেইটা প্রত্যক্ষ কৰে ৷ কর্মচাৰীকেইজনে এই কথা ডিএফঅ’ তেজস্ব মাৰীস্বামীক অৱগত কৰে ৷ ডিএফঅ’ মাৰীস্বামীয়ে জানিবলৈ দিয়া মতে শুকুৰবাৰে পুৱা ১১.৩০ বজাত কর্মচাৰীকেইজনে এই কথা অৱগত কৰে ৷ বিগত বর্ষত কানপুৰৰ পৰা ৰাজ্যিক চিৰিয়াখানালৈ অনা ঘঁৰিয়ালটোৱে কণীকেইটা পৰা বুলি জানিবলৈ দিছে ৷ অৱশ্যে ঘঁৰিয়ালটোৰ বয়স সম্পর্কে তেওঁ অৱগত নহয় ৷ লগতে কণীকেইটাৰ উর্বৰা শক্তি আছে নে নাই সেই কথা এতিয়ালৈকে নিশ্চিত কৰিব পৰা নাই ৷