ৰূপনগৰৰ ফিছফেডত মৎস্য বিপণন অব্যাহত
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ গুৱাহাটীবাসীক স্বাস্থ্যসন্মত আৰু ক’ভিড–১৯ সংক্রমণৰ বিৰুদ্ধে চৰকাৰৰ ঘোষিত সকলো নীতি–নির্দেশনা পালন কৰি মৎস্য যোগানৰ লক্ষ্য হিচাপে ফিছফেডে অব্যাহত ৰাখিছে ৰূপনগৰ বাতানুকূল মৎস্য বিপণন কেন্দ্র আৰু মালিগাঁও অঞ্চল, দিছপুৰ অঞ্চল সামৰি ভ্রাম্যমাণ মৎস্য বিপণন পৰিক্রমা৷ ফিছফেডে মাছ ধৰাৰ পৰা পৰিবহণ, মজুতকৰণ, বিপণন সকলো ক্ষেত্রতে পালন কৰিছে স্বাস্থ্যসন্মত সকলো দিশ আৰু চৰকাৰী নীতি নির্দেশনা৷ নির্দিষ্ট পোছাক–পৰিচ্ছদ (এ’প্রন, হাতমোজা, টুপী) আদি পৰিধান কৰি ফিছফেডৰ বিপণন কর্মীসকলে মৎস্য বিপণন কৰে আৰু মাছ ক্রয় কৰাৰ আগতে বীজাণুনাশকৰে ক্রেতাই হাত পৰিষ্কাৰ কৰাটো বাধ্যতামূলক৷ জিলা প্রশাসনে নির্ধাৰণ কৰি দিয়া দৰত ফিছফেডে মৎস্য বিপণন কৰি আছে৷ জিলা মীন বিভাগেও নির্দিষ্ট পৰিচয়–পত্রসহ ভ্রাম্যমাণ বিক্রেতা নিয়োগ কৰিছে যাৰ ওচৰত অনুমোদিত মূল্য তালিকা থকাটো বাঞ্ছনীয়৷ কিন্তু ইয়াৰ বিপৰীতে কেতবোৰ অসাধু চক্রই জধে–মধে কোনোধৰণৰ নীতি নির্দেশনা নামানি উচ্চ দৰত মাছ বিক্রী কৰাটো ফিছফেড আৰু মীন বিভাগৰ দৃষ্টিগোচৰ হৈছে৷ এইক্ষেত্রত সদাশয় ক্রেতাসকলক মাছ ক্রয় কৰাৰ আগতে বিভাগীয় অনুমতি–পত্র আৰু মূল্য তালিকা চাই ল’বলৈ অনুৰোধ কৰা হৈছে৷ অনুমতি–পত্র ব্যতিৰেকে কোনোবাই উচ্চ দৰত মাছ বিক্রী কৰিলে সংশ্লিষ্ট কর্তৃপক্ষক জনাবলৈ ফিছফেড আৰু মীন বিভাগে ক্রেতাসকলক অনুৰোধ জনাইছে৷