নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভাৱগ্রস্ত লোকলৈ বেচৰকাৰী সংস্থা ‘আৰাধ্যা’ৰ সঁহাৰি

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ লকডাউনৰ ফলত দেশৰ সকলো লোকৰে কম–বেছি পৰিমাণে অভাৱ–নাটন হৈছে৷ ব্যতিক্রম নহয় পদপথত বাস কৰা লোকসকল৷ শাৰীৰিকভাৱে অক্ষমসকল আৰু ব্যতিক্রম নহয় পদপথৰ জীৱ–জন্তুও৷ দিনৰ পিছত দিন ধৰি এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থকা এইসকলৰ একাংশৰ মাজত থিয় দিলে গুৱাহাটীৰ অগ্রণী বেচৰকাৰী সংস্থা ‘আৰাধ্যা’৷ সংস্থাটোৰ সভাপতি তথা সংবাদকর্মী ৰঞ্জন চাহুৰ একক প্রচেষ্টাত যোৱা ১ ব’হাগত গুৱাহাটীৰ ভঙাগড় এলেকাৰ বিভিন্ন প্রান্তত থকা প্রায় অর্ধশতাধিক এনে অসহায় লোকক খাদ্য আৰু খোৱাপানীৰ বটল বিতৰণ কৰি এই লোকসকলক সাময়িক সকাহ প্রদান কৰাৰ লগতে তেওঁলোকৰ মাজত সামাজিক দূৰত্ব বজাই ৰাখি থাকিবলৈ এক সজাগতামূলক পদক্ষেপ গ্রহণ কৰে৷ সংস্থাটোৰ সক্রিয় কর্মী লতিকা বেজবৰুৱা, ৰামদেৱ ঠাকুৰ, দ্বীপেন বেজবৰুৱাৰ বিশেষ সহযোগত সংস্থাটোৱে ভঙাগড় অঞ্চলত কর্মৰত অসম আৰক্ষীৰ জোৱানসকলকো খোৱাপানীৰ বটল প্রদান কৰে৷ তদুপৰি পদপথত থকা জীৱ––জন্তুকো খাদ্যবস্তু দি সহযোগিতা আগবঢ়ায়৷

You might also like