নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেট ব্রিটেইনৰ আদালতৰ নাকচ বিজয় মালিয়াৰ আবেদন

নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ অর্থনৈতিক অপৰাধী পলাতক ব্যৱসায়ী সুৰা সম্রাট বিজয় মালিয়াৰ ভাৰতলৈ প্রত্যর্পণৰ ২০১৮ চনৰ ৰায়ক প্রত্যাহ্বান জনাই দাখিল কৰা আবেদন নাকচ কৰিলে গ্রেট ব্রিটেইনৰ উচ্চ ন্যায়ালয়ে ৷ ভাৰতৰ বিভিন্ন বেংকৰ পৰা কিংফিছাৰৰ নামত ৯ হাজাৰ কোটি টকা প্রৱঞ্চনা কৰি দেশৰ পৰা পলায়ন কৰি গ্রেট ব্রিটেইনত বাহৰ পাতি থকা সুৰা সম্রাট বিজয় মালিয়াক প্রত্যর্পণৰ বাবে ভাৰতে চৰকাৰখনক অনুৰোধ জনাইছিল ৷ আনকি ব্রিটেইনৰ আদালতেও ২০১৮ চনৰ ৬৪ বছৰীয়া মালিয়াক ভাৰতলৈ প্রত্যর্পণৰ সমর্থনত ৰায় দিছিল ৷ সেই ৰায়ক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত জনোৱা আবেদনখন আজি খাৰিজ কৰে৷ উচ্চ ন্যায়ালয়ে আবেদন খাৰিজ কৰাৰ পিছতেই পলাতক অর্থনৈতিক অপৰাধী মালিয়াক ভাৰতলৈ অনাৰ ক্ষেত্রত এখোপ আগবাঢ়িল নতুন দিল্লী৷ অৱশ্যে মালিয়াৰ প্রত্যর্পণ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব দেশখনৰ গৃহমন্ত্রী প্রীতি পেটেলে৷ গ্রেট ব্রিটেইনৰ আদালতৰ ন্যায়াধীশ ইৰৱিন আৰু এলিজাবেথ লায়িঙে ই–মেইলযোগে আজি আদালতৰ ৰায়ক গৃহমন্ত্রীলৈ প্রেৰণ কৰিছে৷ উল্লেখ্য যে ভাৰত চৰকাৰে অর্থনৈতিক অপৰাধক লৈ সংশোধিত আইনৰ দ্বাৰা পলাতক বিজয় মালিয়াক অর্থনৈতিক অপৰাধী হিচাপে ঘোষণা কৰিছে ৷

You might also like