অষ্ট্রেলিয়াত নহয়, ভাৰতত হ’ব টি–২০ বিশ্বকাপ !
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি স্থবিৰ হৈ পৰিছে ক্রিকেট বিশ্ব৷ এই ন’ভেল ক’ৰোনা ভাইৰাছৰ বাবে ভৱিষ্যতে হ’বলগীয়া বৃহৎ প্রতিযোগিতা আৰু শৃংখলাসমূহক লৈও ভাবুকি কঢ়িয়াই আনিছে৷ ইতিমধ্যে অনির্দিষ্টকাললৈ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো স্থগিত হোৱাৰ পিছত অহা অক্টোবৰ মাহত অষ্ট্রেলিয়াত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনলৈও অনিশ্চয়তা আহি পৰিছে৷ এনে অৱস্থাত ভাৰতৰ কিংবদন্তি বেটছমেন সুনীল গাভাস্কাৰে টি–২০ বিশ্বকাপখন ভাৰতত অনুষ্ঠিত কৰিবৰ বাবে এক প্রস্তাৱ দাঙি ধৰিছে৷ ভাৰতৰ লগতে অষ্ট্রেলিয়াতো ক’ৰোনা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে৷ ফলত অষ্ট্রেলিয়াত ৩০ ছেপ্ঢেম্বৰলৈকে দেশখনত বিদেশী লোকক প্রৱেশ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে৷ টি–২০ বিশ্বকাপখন অক্টোবৰৰ মাজভাগৰ পৰা আৰম্ভ হোৱাৰ কথা যদিও এনে অৱস্থাত আই চি চিৰ এই প্রতিযোগিতাখন আয়োজন কৰাটো সহজ নহ’ব বুলি উল্লেখ কৰি সুনীল গাভাস্কাৰে কয় যে ২০২১ চনৰ টি–২০ বিশ্বকাপখন ভাৰতত অনুষ্ঠিত হ’ব৷ যদি ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ ভাৰতত হ্রাস পায়, তেতিয়াহ’লে ভাৰত আৰু অষ্ট্রেলিয়াই টি–২০ বিশ্বকাপখন আয়োজনৰ ক্ষেত্রত সালসলনি কৰিব পাৰিব বুলি পৰামর্শ আগবঢ়াই ভাৰতীয় দলৰ প্রাক্তন অধিনায়কগৰাকীয়ে লগতে কয় যে অষ্ট্রেলিয়াত হ’বলগীয়া টি–২০ বিশ্বকাপখন উক্ত সময়ছোৱাতে ভাৰতত অনুষ্ঠিত হওক আৰু ২০২১ চনত ভাৰতত হ’বলগীয়া টি–২০ বিশ্বকাপখন অষ্ট্রেলিয়াত অনুষ্ঠিত হওক৷ মন কৰিবলগীয়া যে ২০১৮ চনৰ এপ্রিল মাহত আই চি চিয়ে চেম্পিয়নছ ট্রফীখন টি–২০ বিশ্বকাপ হিচাপে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল৷
আনহাতে আই পি এলখনৰ সন্দর্ভতো সুনীল গাভাস্কাৰে কয় যে সম্প্রতি ক’ৰোনা ভাইৰাছৰ বাবে বি চি চি আইৰ এই ঐশ্বর্যশালী প্রতিযোগিতাখন অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে যদিও প্রতিযোগিতাখন ছেপ্ঢেম্বৰত আয়োজন হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ যদি ভাৰতত অক্টোবৰ–নৱেম্বৰ মাহত টি–২০ বিশ্বকাপখন অনুষ্ঠিত হয়, তেতিয়াহ’লে আই পি এলত অংশগ্রহণ কৰি খেলুৱৈসকলে বিশ্বকাপখনলৈ সাজু হোৱাৰ সুবর্ণ সুযোগ লাভ কৰিব বুলি উল্লেখ কৰি ভাৰতীয় দলটোৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে লগতে কয় যে বিশ্বকাপখনৰ পিছতে ডিচেম্বৰত সংযুক্ত আৰব আমীৰ শ্বাহীত এছিয়া কাপখন অনুষ্ঠিত কৰাটো উচিত৷ কিয়নো ডিচেম্বৰ মাহটো সংযুক্ত আৰব আমীৰ শ্বাহীৰ বাবে উপযুক্ত সময়৷