নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ সম্প্রতি অতি জনপ্রিয় টিকটক ভিডি’ৰ বাবে উত্তৰ প্রদেশৰ নয়দাত এজন কিশোৰে আত্মহনন কৰিবলগীয়া হৈছে৷ টিকটক ভিডিঅ’ এটা প্রস্তুত কৰি ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পাছত কিশোৰজনৰ এই ভিডিঅ’টো অনুসৰণকাৰীয়ে লাইক (পছন্দ) নকৰাৰ বাবে আত্মহননৰ পথ বাছি লয়৷ নয়দাৰ ছালাৰপুৰ গাঁৱৰ ১৮ বছৰীয়া নুৰ ইকবাল নামৰ কিশোৰজনে নিজ বাসগৃহতে চিপ লৈ আত্মহত্যা কৰা দুর্ভাগ্যজনক ঘটনাটোৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কিশোৰজনৰ পৰিয়ালটোৱে পশ্চিমবংগৰ মাল্দা জিলাৰ পৰা কর্মসূত্রে প্রব্রজিত হৈ উত্তৰ প্রদেশৰ নয়দাত বসবাস কৰি আছিল৷শ্রমিক পিতৃয়ে সন্তানৰ সকলো আশা–আকাংক্ষা পূৰণৰ লক্ষ্যৰে সা–সুবিধা প্রদান কৰি আহিছিল৷ কিন্তু বিগত কিছুদিন ধৰি লকডাউনৰ বাবে পিতা–পুত্রই ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে৷ এনে সময়তে কিশোৰজনে ম’বাইলত টিকটক ভিডি’ এটা প্রস্তুত কৰি আপলোড কৰে৷ কিন্তু বিচৰা ধৰণে এই ভিডি’টো পছন্দ নকৰাৰ ফলত হতাশ হৈ আত্মহননৰ পথ বাছি ল’লে কিশোৰজনে৷ ঘৰৰ ভিতৰতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো নয়দাৰ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ পাছত পিতৃক ওভতাই দিয়ে৷