নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন উলংঘাৰে ব্যৱসায়; মহানগৰীৰ বিভিন্ন স্থানত পৌৰ নিগম–আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ কেন্দ্রীয় চৰকাৰৰ নীতি–নির্দেশনা অনুসৰি  মঙলবাৰৰে পৰা লকডাউন শিথিল কৰাৰ সুযোগ লৈ মহানগৰীৰ বিভিন্ন স্থানত দোকান–পোহাৰ খুলিলে একাংশ ব্যৱসায়ীয়ে৷ লকডাউন উলংঘাৰে মঙলবাৰে পুৱাৰে পৰা একাংশ ব্যৱসায়ীয়ে মহানগৰীৰ বিভিন্ন স্থানত দোকান–পোহাৰ খোলাৰ পাছতে উপায়ুক্তৰ নির্দেশত মহানগৰ আৰক্ষী, জিএমচি, ৰাজহ চক্র বিষয়াই অভিযান চলায়৷

মহানগৰীৰ নাৰেংগী, নুনমাটি, বামুণীমৈদাম ৰে’লৱে বজাৰ, চানমাৰিত আৰক্ষীৰ সহযোগত জিএমচিৰ এটা দলে অভিযান চলাই দোকানসমূহ উচ্ছেদ কৰে৷ ইফালে, জিএমচিৰ অভিযানত নাৰেংগী কলংপাৰ বজাৰত নুনমাটি আৰক্ষীয়ে অবৈধভাৱে মাছ বিক্রীৰ অনুমতি পত্র দিয়াৰ ভয়াৱহ তথ্য পোহৰলৈ আহে৷ মহঃ চাহেব আলী নামৰ ব্যৱসায়ীজনক লকডাউনৰ সময়ত কলংপাৰ বজাৰত নুনমাটি থানাই কিদৰে মাছ বিক্রীৰ অনুমতি পত্র দিলে, তাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে নুনমাটি থানাৰ অন্তর্গত বিভিন্ন অঞ্চলত লকডাউনৰ মাজতে আৰক্ষীৰ ছত্রছায়াত অবৈধভাৱে দোকান–পোহাৰ খোলাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ ইফালে,  হাতীগাঁও আৰক্ষী, বশিষ্ঠ আৰক্ষী আৰু দিছপুৰ ৰাজহ চক্র বিষয়াৰ নেতৃত্বত হাতীগাঁও, সিজুবাৰী, নটবমা, বেলতলাকে ধৰি বিভিন্ন অঞ্চলত শতাধিক দোকান উচ্ছেদ কৰে৷

You might also like