নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ৰ বাতৰিৰ প্রভাৱঃ খানামুখৰ কৃষিক্ষেত্র পৰিদর্শন অতুল বৰাৰ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে দেশজুৰি অব্যাহত থকা লকডাউনৰ বাবে গভীৰ সমস্যাৰ সন্মুখীন হৈছে কৃষকসকল৷ লকডাউনৰ বাবে উৎপাদিত ফচল বিক্রী কৰিব নোৱাৰি একমাত্র কৃষিকর্মৰ ওপৰতে নির্ভৰশীল কৃষকসকলৰ পৰিয়াল চলোৱাটো সমস্যা হৈ পৰিছে৷ বজাৰলৈ নিব নোৱৰা বাবে খেতিপথাৰতে পচি সৰি গৈছে ফচল৷ এই সন্দর্ভত এক প্রতিবেদনত যোৱা ১৮ এপ্রিলত ‘নিয়মীয়া বার্তা’ত প্রকাশ পাইছিল৷ ইয়াৰ পিছতে মঙলবাৰে অসম চৰকাৰৰ কৃষিমন্ত্রী অতুল বৰা মহানগৰীৰৰ খানামুখ হাওৰাপাৰত উপস্থিত হৈ কৃষিকেন্দ্র পৰিদর্শন কৰাৰ লগতে কৃষকসকলৰ সৈতে বার্তালাপ কৰে৷

পৰিদর্শনৰ অন্তত মন্ত্রী অতুল বৰাই কৃষকসকলক মুখ্যমন্ত্রীৰ সৈতে আলোচনা কৰি ক্ষতিপূৰণ হিচাপে এককালীন সাহায্যৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে৷ তদুপৰি খেতিপথাৰত বর্তমান যি অৱশিষ্ট ফচল আছে সেইবোৰ কালিৰ পৰা বিক্রীৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে৷ পৰিদর্শন কালত গুৱাহাটী মহকুমা কৃষি বিষয়া নৱজ্যোতি জগন্নাথ, ধাৰাপুৰ কৃষি উন্নয়ন বিষয়া প্রদীপ কুমাৰ মেধি, অগপৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক সুভাষ শর্মা, ধাৰাপুৰ গাঁও পঞ্চায়তৰ প্রাক্তন সভাপতি কেশৱ কলিতা, অগপ নেতা পৰেশ বৰুৱা, ৰবুল বৈশ্য, বিমল কলিতা, আদর্শ কৃষক হিতেশ কলিতা, দিলীপ কলিতা, ধীৰাজ কলিতাকে ধৰি কেইবাজনো কৃষক উপস্থিত থাকে৷

You might also like