নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ ভেকছিন আৱিষ্কাৰৰ বাবে বিভিন্ন দেশ গৱেষণাত ব্যস্ত হৈ থকাৰ সময়তে ভাৰতে ক’ৰোনাৰ চিকিৎসাৰ ক্ষেত্রত আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে৷ ভাৰতত প্রথমবাৰৰ বাবে ক’ৰোনা ৰোগীৰ ওপৰত প্লাজমা থেৰাপী প্রয়োগ কৰি সফলতা লাভ কৰিছে৷ দক্ষিণ দিল্লীৰ চাকেট অঞ্চলত অৱস্থিত মেক্স হাস্পতালত এজন ৪৯ বছৰীয়া ক’ৰোনা আক্রান্ত ৰোগীৰ অৱস্থা বেয়াৰ ফালে ঢ়াল খোৱাৰ সময়তে তেওঁক প্লাজমা থেৰাপীৰে চিকিৎসা প্রদান কৰে৷ এই চিকিৎসাৰ পাছতে ৰোগীজন বর্তমান সুস্থ হোৱাৰ দিশে আগবাঢ়িছে৷ মেক্স হাস্পতালৰ এজন চিকিৎসকে জনোৱা মতে সংকটপূর্ণ অৱস্থাত চিকিৎসাধীন হোৱা এই লোকজনক কালি ভেণ্টিলেটৰৰ পৰা উলিয়াই অনা হয়৷ বর্তমান তেওঁৰ অৱস্থাৰ উন্নতি ঘটিছে৷ চিকিৎসকজনৰ মতে, এজন প্রাপ্তবয়স্ক ৰোগীৰ তেজৰ পৰা সর্বাধিক ৮০০ মিলিলিটাৰ প্লাজমা ল’ব পৰা যায়৷ তিনি সপ্তাহ আগতে সুস্থ হৈ উঠা আন এজন ব্যক্তিৰ তেজ এই ৰোগাক্রান্ত ব্যক্তিজনক প্রদান কৰা হৈছিল৷ উল্লেখ্য যে বর্তমানলৈকে ক’ভিড–১৯ ভাইৰাছৰ কোনো প্রতিষেধক আৱিষ্কাৰ নোহোৱাৰ বাবে চিকিৎসকসকলে প্লাজমা থেৰাপীৰ ওপৰত ভৰসা কৰিবলগীয়া হৈছে৷ ভাৰতৰ পূর্বে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্রতো প্লাজমা থেৰাপীৰ জৰিয়তে ক’ৰোনা ৰোগীৰ সফল চিকিৎসা কৰা হৈছে৷