প্ৰত্যেক জিলাৰ ঔষধ ভঁড়ালৰ প্ৰৱন্ধকৰে বাৰ্তালাপ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ বৃহস্পতিবাৰে নিশা মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত ৰাজ্যখনৰ সকলো জিলাৰ ঔষধ ভঁড়ালৰ প্ৰৱন্ধকসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাযোগে বাৰ্তালাপ কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷
এই বাৰ্তালাপত প্ৰৱন্ধকসকলৰ পৰা দৰকাৰী ঔষধৰ উপলব্ধতাৰ বিষয়ে বুজ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷
তদুপৰি কোভিড-১৯ৰ সংক্ৰমণ তথা দেশব্যাপি চলি থকা তলাবন্ধৰ এই সময়চোৱাত তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান তথা এই প্ৰত্যাহ্বান মোকাবিলা কৰাৰ সন্দৰ্ভতো আলোচনা কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷
Held a VC with Drug Store Managers of all districts in Assam in presence of MoS @Pijush_hazarika. Inquired about availability of important medicines. Also discussed challenges faced by them and ways of dealing with these in wake of #COVID19 pandemic and #lockdown.#AssamCares pic.twitter.com/iEvvlToaC8
— Himanta Biswa Sarma (@himantabiswa) April 23, 2020