লকডাউনৰ নির্দেশনা উলংঘা, ৩২খন বাইক জব্দ আৰক্ষীৰ
মহানগৰ বার্তা, ২৪ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ বাবে মহানগৰ আৰক্ষীয়ে যান–বাহন চলাচলৰ ক্ষেত্রত কেতবোৰ কঠোৰ নির্দেশনা জাৰি কৰিছিল৷ কিন্তু একাংশ নাগৰিকে এই নির্দেশনাক অংগুষ্ঠ প্রদর্শন কৰি ৰাজপথত মহানগৰ আৰক্ষীৰ নির্দেশনা ভংগৰ প্রতিযোগিতাত অৱতীর্ণ হোৱাহে পৰিলক্ষিত হৈছে৷ ইয়াৰ বাবেই আজি মহানগৰীৰ আজাৰা আৰক্ষীয়ে ৰাজপথত চলায় তীব্র অভিযান৷ অকাৰণতে ৰাজপথত বাইক চলোৱা, মাস্ক নিপিন্ধা, বাইকত দুজন উঠা আদিৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়৷ আজাৰা থানাৰ ভাৰপ্রাপ্ত বিষয়া প্রদীপ কলিতাই জানিবলৈ দিয়া মতে, আইন উলংঘা কৰা বাহনৰ বিৰুদ্ধে আজি পুৱা দহ বজাৰ পৰা বিয়লি ২ বজা পর্যন্ত ধাৰাপুৰ চাৰিআলি, গধূলি বজাৰ, কাঁহিকুছি, ভিআইপি চ’ক, মজলী, গড়ল, কেন্দুকুছি, মাজিৰগাঁও আদি অঞ্চলৰ ৰাজপথত অভিযান চলোৱা হয়৷ অভিযানকালত ৩২খনকৈ মটৰচাইকেল জব্দ কৰাৰ লগতে গৰাকীৰ বিৰুদ্ধে বিভাগীয় গোচৰ ৰুজু কৰা হয়৷ পৰৱর্তী দিনসমূহতো অভিযান চলি থাকিব বুলি ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷