নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৰনাথ যাত্রা বাতিল

ক’ভিড–১৯ শংকা

নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ সন্ত্রাসবাদীৰ ভাবুকিক প্রত্যাহ্বান জনাই বার্ষিক অমৰনাথ যাত্রা অব্যাহত ৰখা হৈছিল যদিও ক’ভিড–১৯ৰ সংক্রমণৰ শংকাত এইবেলি বহু প্রতীক্ষিত অমৰনাথ যাত্রা বাতিল কৰা হৈছে৷ দক্ষিণ কাশ্মীৰত অৱস্থিত পৱিত্র অমৰনাথ গুহালৈ এই যাত্রা অহা ২৩ জুনৰ পৰা আৰম্ভ হোৱাৰ নির্ধাৰিত সময়সূচী আছিল যদিও ক’ভিড–১৯ৰ শংকাৰ বাবেই এই যাত্রা বাতিল কৰা বুলি ঘোষণা কৰিছে শ্রীমৰনাথজী তীর্থস্থান ব’ডৰ মুখপাত্রই৷ ৰাজভৱনত উপ–ৰাজ্যপাল জি চি মুর্মুৰ অধ্যক্ষতাত অনুষ্ঠিত ৩৮সংখ্যক ব’ডৰ বৈঠকত অমৰনাথ যাত্রা বাতিলৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ অৱশ্যে প্রথম পূজা আৰু সম্পন্ন পূজা পৰম্পৰাগত ধর্মীয় ৰীতি–নীতিৰ মাজেৰে পালন কৰা হ’ব বুলি ব’ডৰ মুখপাত্রগৰাকীয়ে ঘোষণা কৰিছে৷ উল্লেখ্য যে কাশ্মীৰৰ এই পৱিত্র অমৰনাথ যাত্রাত দেশ–বিদেশৰ অগণন ভক্তই অংশগ্রহণ কৰে৷

You might also like