নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীম ইণ্ডিয়াৰ খেলুৱৈয়ে নিজৰ স্বার্থৰ বাবেহে খেলেঃ ইনজামাম

নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ টীম ইণ্ডিয়াৰ খেলুৱৈয়ে নিজৰ স্বার্থৰ বাবেহে খেলে বুলি এক গুৰুতৰ অভিযোগ আনিছে পাকিস্তান ক্রিকেট দলৰ প্রাক্তন বেটছমেন ইনজামাম উল হকে৷ দেশখনৰ প্রাক্তন সতীর্থ তথা জনপ্রিয় ধাৰাভাষ্যকাৰ ৰামিজ ৰাজাৰ সৈতে হোৱা এক বার্তালাপত প্রাক্তন অধিনায়ক ইনজামাম উল হকে ভাৰতীয় দলৰ খেলুৱৈৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে তেওঁ খেলা দিনবোৰত ভাৰতীয় দলৰ খেলুৱৈসকলে দলৰ হৈ খেলা নাছিল৷ দলতকৈ নিজৰ স্বার্থ পূৰণতহে অধিক মনোনিৱেশ কৰিছিল ৷ প্রতিখন মেচতে ভাৰতীয় খেলুৱৈসকলে শতৰান কৰাৰ বাবে চেষ্টা চলাইছিল৷ ভাৰত আৰু পাকিস্তান দলৰ খেলুৱৈসকলৰ তুলনা সন্দর্ভত ইনজামাম উল হকে কয় যে যেতিয়া তেওঁলোকে খেলিছিল, তেতিয়া ভাৰতীয় দলটোৰ বেটিং অধিক শক্তিশালী আছিল৷ তেওঁ কয়– আমাৰ ৰেকর্ড তেওঁলোকৰ নিচিনা নাছিল যদিও আমাৰ দলৰ বেটছমেনসকলে ৩০–৪০ ৰান কৰিলেও সেইটো দলৰ বাবেহে কৰিছিল৷

            ইফালে, যদি ভাৰতীয় দলৰ খেলুৱৈয়ে ১০০ ৰান কৰিছিল, সেইটো দলৰ বাবে নাছিল নিজৰ বাবেহে আছিল৷ পাকিস্তান দলৰ খেলুৱৈসকলে দলটোত নিজৰ স্থান নিগাজি কৰাৰ বাবে সর্বস্ব উজাৰি দিছিল বুলি উল্লেখ কৰি পাকিস্তান দলটোৰ প্রাক্তন অধিনায়ক ইনজামামে লগতে কয় যে বেয়া খেলিলে পাকিস্তান দলটোত স্থান লাভ নকৰিব বুলি খেলুৱৈসকলে ভয় খাইছিল, সেয়ে তেওঁলোকে নিজৰ স্বার্থ পৰিহাৰ কৰি দলীয় স্বার্থক অধিক গুৰুত্ব দিছিল৷ ৰামিজ ৰাজাৰে হোৱা বার্তালাপত তেওঁ লগতে কয় যে ইমৰান খান দলটোৰ অধিনায়ক হৈ থকাৰ সময়ত সতীর্থসকলে তেওঁৰ পৰা পূর্ণ সমর্থন লাভ কৰিছিল৷ দুই–এটা শৃংখলাত বেয়া খেলিলেও ইমৰানে খেলুৱৈসকলক দলৰ পৰা বাদ দিয়া নাছিল৷ সকলো সময়তে ইমৰান খানে সতীর্থসকলক সহযোগ কৰিছিল বুলি ইনজামাম উল হকে মন্তব্য কৰে৷ উল্লেখ্য যে ইনজামামে ১৯৯১ চনৰ পৰা ২০০৭ চনলৈ পাকিস্তান দলটোক প্রতিনিধিত্ব কৰি ১২০খন টেষ্ট, ৩৭৮খন এদিনীয়া আৰু এখন টি–২০ মেচত অংশ লৈছিল৷

You might also like