এতিয়াও খেলিব পৰাকৈ সুস্থ হৈ আছে ধোনী
নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ আন্তর্জাতিক ক্রিকেট খেলিব পৰাকৈ মহেন্দ্র সিং ধোনী এতিয়াও ফিট৷–এই মন্তব্য কৰিছে অষ্ট্রেলিয়াৰ প্রাক্তন খেলুৱৈ তথা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ফ্রেনচাইজী দল চেন্নাই ছুপাৰ কিংছৰ বেটিং প্রশিক্ষক মাইক হাছীয়ে৷ বিশ্বকাপৰ পাছৰে পৰা ক্রিকেটৰ পৰা আঁতৰি থকাত ধোনীৰ ভৱিষ্যতক লৈ প্রশ্ণ উত্থাপন হোৱাৰ সময়তে মাইক হাছীয়ে কয়– টীম ইণ্ডিয়াৰ উইকেটকীপাৰ বেটছমেনগৰাকীয়ে আন্তর্জাতিক ক্রিকেট খেলিব পৰাকৈ সম্পূর্ণ ফিট৷ আশা কৰিছোঁ অচিৰেই তেওঁক খেলপথাৰত দেখিবলৈ পাম৷ এক নতুন ৰূপত ধোনীয়ে পুনৰ ক্রিকেট জগতলৈ উভতি আহিব বুলি আশা ব্যক্ত কৰি চি এছ কেৰ বেটিং প্রশিক্ষকগৰাকীয়ে লগতে কয় যে এগৰাকী মহান খেলুৱৈয়ে এনেকৈ খেলপথাৰৰ বাহিৰত থকাটো উচিত নহয়৷ টীম ইণ্ডিয়াক এতিয়াও ধোনীৰ প্রয়োজন আছে বুলি হাছীয়ে কয়৷ ইফালে, ক’ৰোনা ভাইৰাছৰ বাবে অনির্দিষ্টকাললৈ স্থগিত ৰখা বি চি চি আইৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা আই পি এলখন ছেপ্ঢেম্বৰৰ পাছত অনুষ্ঠিত হ’ব বুলি আশা ব্যক্ত কৰিছে হাছীয়ে৷ আই পি এলখনত উন্নত বেটিং প্রদর্শন দাঙি ধৰি ধোনীয়ে ভাৰতীয় দললৈ প্রত্যাৱর্তন কৰিব বুলি মন্তব্য কৰি চি এছ কেৰ বেটিং প্রশিক্ষকগৰাকীয়ে লগতে কয় যে আই পি এলখনত ধোনীৰ খেল উপভোগ কৰিবলৈ অনুৰাগীৰ লগতে তেৱোঁ উদ্গ্রীৱ হৈ আছে