নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিনত তেণ্ডুলকাৰৰ মন্তব্যঃ মহামাৰীৰ পিছত সলনি হ’ব ক্রিকেটৰ ছবি

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ  সমগ্র বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ আতংক পাৰ হৈ যোৱাৰ পিছত সলনি হ’ব ক্রিকেটৰ ৰূপৰেখা৷ –এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে ৪৭ বছৰত ভৰি দিয়া ক্রিকেটৰ ভগৱানখ্যাত শচীন তেণ্ডুলকাৰে৷

ৰয়টাৰৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত ক্রিকেট বিশ্বৰ অন্যতম শ্রেষ্ঠ বেটছমেনগৰাকীয়ে কয় যে ক’ভিড–১৯ মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে সম্প্রতি সকলো খেল বন্ধ হৈ থকাটো অত্যন্ত দুর্ভাগ্যজনক৷ মহামাৰী পাৰ হৈ যোৱাৰ পিছতো ইয়াৰ প্রভাৱ ক্রীড়া বিশ্বত দেখিবলৈ পোৱাটো নিশ্চিত৷ বিশেষকৈ ক্রিকেটৰ পথাৰত উইকেট দখলৰ পিছত বলাৰে সতীর্থক সাবটি ধৰি উল্লাস প্রদর্শন কৰা অথবা বলৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে ফিল্ডাৰে লেলাউটি আৰু ঘাম ব্যৱহাৰ কৰাৰ পৰম্পৰাগত অভ্যাস পুনৰ দেখিবলৈ পোৱা নাযাব৷

উল্লেখ্য যে চীনৰ পৰা সমগ্র বিশ্বলৈ সম্প্রসাৰিত হোৱা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে প্রতিখন দেশে সামাজিক দূৰত্ব আৰু ব্যক্তিগত স্বচ্ছতাৰ ওপৰত সর্বাধিক গুৰুত্ব আৰোপ কৰিছে৷ ইয়াৰ ফলত আগন্তুক দিনত বিশ্বৰ সকলো খেলুৱৈয়ে সামাজিক দূৰত্ব আৰু ব্যক্তিগত স্বচ্ছতাৰ প্রতি লক্ষ্য ৰাখি খেলপথাৰত নমাটো নিশ্চিত৷ ‘মহামাৰীৰ আতংক পাৰ হৈ যোৱাৰ পিছত ক্রিকেটৰ ৰূপৰেখা যথেষ্ট সলনি হোৱাটো নিশ্চিত৷ কিয়নো প্রতিগৰাকী খেলুৱৈয়ে সামাজিক দূৰত্ব আৰু ব্যক্তিগত স্বচ্ছতাৰ কথা মনত ৰাখি সতর্কতা অৱলম্বন কৰিব৷ তেওঁলোকে উইকেট দখলৰ পিছত ইজনে–সিজনক সাবটি ধৰি অথবা কৰমর্দন কৰি উল্লাস প্রদর্শনৰ পৰা বিৰত থাকিব৷ ক্রিকেটৰ আন এটি পৰম্পৰাগত প্রথা হ’ল বলৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে লেলাউটি অথবা ঘামৰ ব্যৱহাৰ৷ ক’ৰোনা ভাইৰাছৰ পিছৰ পর্যায়ত এই পৰম্পৰা হয়তো আমি কেতিয়াও দেখিবলৈ নাপাম৷’ তেণ্ডুলকাৰে এইদৰে কয়৷

মন কৰিবলগীয়া যে ১৯৮৯ চনত মাত্র ১৬ বছৰ বয়সতে টেষ্ট অভিষেক ঘটোৱা প্রাক্তন ক্রিকেটাৰগৰাকীয়ে শুকুৰবাৰে ৪৭সংখ্যক জন্মদিন উদযাপন কৰে৷

You might also like