নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যাতায়াতক লৈ কর্তৃপক্ষৰ উপেক্ষাৰ পৰিণতিঃ দুর্ঘটনাত মৃত্যু চেণ্ট্ৰেল নার্ছিং হোমৰ নার্ছৰ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ দীঘলীয়া লকডাউন চলি থকা পৰিপ্রেক্ষিতত যাতায়াতৰ সুব্যৱস্থা কৰি নিদিয়াৰ বাবে মহানগৰীৰ এখন ব্যক্তিগত খণ্ড চিকিৎসালয়ৰ মহিলা কর্মচাৰী এগৰাকী দুর্ঘটনাত পতিত হৈ মৃত্যু হোৱা এক ঘটনাই চাঞ্চল্য সৃষ্টি হৈছে মঠঘৰীয়া অঞ্চলত৷ ইয়াৰ বাবে চিকিৎসালয়খনৰ স্বত্বাধিকাৰীকে জগৰীয়া কৰিছে কর্মচাৰী তথা পৰিয়ালে৷

উল্লেখ্য যে মঠঘৰীয়াৰ বড়ো চ’কৰ বাসিন্দা বিমলা দেৱী নামৰ মহিলাগৰাকী নার্ছ হিচাপে দীর্ঘদিনৰে পৰা কর্মৰত আছিল বেলতলাৰ চেণ্ট্ৰেল নার্ছিং হোমত৷ দৈনিক অহা–যোৱা কৰা নার্ছগৰাকীয়ে লকডাউন ঘোষণাৰ পিছৰে পৰা কর্তব্যত উপস্থিত হোৱাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হৈছিল৷

জানিব পৰা মতে, লকডাউন ঘোষণাৰ পিছতে চিকিৎসালয়খনৰ সকলো চিকিৎসা কর্মীয়ে তেওঁলোকৰ বাবে অন্ততঃ এইকিইদিন পুল কাৰৰ ব্যৱস্থা কৰিবলৈ একাধিকবাৰ অনুৰোধ কৰিছিল স্বত্বাধিকাৰীক৷ কিন্তু স্বত্বাধিকাৰীগৰাকীয়ে কর্মচাৰীসকলৰ সেই অনুৰোধ প্রত্যাখ্যান কৰে৷ ফলত উপায়ান্তৰ হৈ অতি কষ্টৰে খোজকাঢ়ি নিজ কর্তব্য সম্পাদন অব্যাহত ৰাখে কর্মচাৰীসকলে৷ প্রাপ্ত তথ্য অনুসৰি, চিকিৎসালয়খনৰ কর্মচাৰী সন্থাৰ সম্পাদক বিমল দেৱীয়ে বুধবাৰে খোজকাঢ়ি নৈশ কর্তব্য সম্পাদন কৰি কালি পুৱা ৮ মান বজাত ঘৰলৈ বুলি খোজ লয়৷ তেনে সময়তে এগৰাকী সহকর্মী তেওঁৰ স্বামীৰ সৈতে কর্তব্যৰ বাবে অহা দেখি তেওঁ দুচকীয়া বাহনতে বিমলা দেৱী আহে৷ আহি থকা অৱস্থাতে জু–নাৰেংগী পথত দুর্ঘটনাত পতিত হয় মহিলাগৰাকী৷ লগে লগে তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ৰ পৰামর্শমতে জিএনআৰচি আৰু পিছত হায়াট হাস্পতালত ভর্তি কৰায়৷

কিন্তু কালি বিয়লি প্রায় চাৰে তিনি মান বজাত মৃত্যু হয় মহিলা কর্মচাৰীগৰাকীৰ৷ স্মর্তব্য যে চিকিৎসালয়খনৰ স্বত্বাধিকাৰীয়ে খোজকাঢ়ি হ’লেও কর্তব্য সম্পাদন কৰিবলৈ কঠোৰ নির্দেশ দিয়া বুলি কর্মচাৰীসকলে অভিযোগ কৰিছে৷ সেয়ে বিমলা দেৱীৰ অকাল মৃত্যুত স্বত্বাধিকাৰীগৰাকীক একপ্রকাৰ জগৰীয়া কৰিছে কর্মচাৰী তথা স্থানীয় ৰাইজে আৰু পৰিয়ালে৷ চিকিৎসালয়খনৰ কর্মচাৰী সন্থাৰ সম্পাদকগৰাকীৰ মৃত্যুত শ্রমিক সংগঠন চিটুৰ মহানগৰ সমিতিৰ সভাপতি–সম্পাদক ক্রমে বীৰেন শর্মা আৰু আলী আকবৰে গভীৰ শোক প্রকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷

You might also like