দর্শনার্থী নথকাত খাদ্য সংকটঃ বশিষ্ঠাশ্রমৰ পূজাৰীক সহায়ৰ হাত ৰিণিকি ভূঞা শর্মাৰ
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ লকডাউনত বন্ধ হৈ আছে সকলো ইতিহাসপ্রসিদ্ধ মন্দিৰ, মছজিদৰ দুৱাৰ৷ সততে দর্শনার্থীৰে গিজগিজাই থকা বশিষ্ঠ মন্দিৰত এতিয়া কেৱল নীৰৱতা৷ নাই ভক্ত, সেয়ে কিছু খাদ্য সংকটত পৰিছে মন্দিৰৰ পূজাৰী–কর্মচাৰীসক৷ এই বিপদৰ সময়ত পূজাৰীৰ কাষত থিয় দিলে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷
একাংশ পূজাৰীয়ে খাদ্য সংকটৰ কথা অৱগত কৰাৰ পিছতে তেওঁলোকক ৫০ কেজি চাউল, ১০ কেজি দাইল, আলু ১ বেগ, মিঠাতেল ৫ লিটাৰ প্রদান কৰি সহায় কৰে ৰিণিকি ভূঞা শর্মাই৷ যাৰ বাবে ৰিণিকি ভূঞা শর্মাক কৃতজ্ঞতাৰে ওপচাইছে বশিষ্ঠাশ্রমৰ পূজাৰীসকলে৷ উল্লেখ্য যে ৰিণিকি ভূঞা শর্মাই আগবঢ়োৱা অনুদানেৰে এইকেইদিন চলিছে মন্দিৰৰ পূজাৰী, কর্মচাৰীসকল৷
আনহাতে, ভক্তৰ সমাগম নোহোৱাৰ বাবে এইকেইদিন বশিষ্ঠাশ্রমৰ চৌহদ পৰিষ্কাৰ–পৰিচ্ছন্ন কৰাত ব্যস্ত হৈ আছে ৩জন পূজাৰী আৰু ১ কর্মচাৰী৷ ইফালে, খাদ্য সংকট দূৰ হ’লেও আন এক সমস্যাত পৰিছে পূজাৰীসকল৷ নিতৌ মন্দিৰত চাকি জ্বলাবলৈ কিছু অসুবিধাত পৰিছে পূজাৰীসকল৷ কাৰণ বশিষ্ঠাশ্রমত নিতৌ প্রয়োজন হয় ২ লিটাৰকৈ মিঠাতেলৰ৷ লকডাউনৰ বাবে মিঠাতেল পর্যাপ্ত পৰিমাণৰ মজুত কৰিব পৰা নাই পূজাৰীয়ে৷ ওচৰৰে এখন গেলামালৰ দোকানৰ পৰা ধাৰ কৰি মন্দিৰৰ অক্ষয় বন্তি জ্বলাই আছে পূজাৰীয়ে৷ ভক্তৰ যিহেতু সমাগম শূন্য, সেয়ে এই সময়ছোৱাত সুহূদয়ৱান লোকক কিছু খাদ্যসামগ্রী আৰু আর্থিক অনুদান আগবঢ়াবলৈ আহ্বান জনাইছে মন্দিৰৰ পূজাৰীসকলে৷