নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বিহুৰ সময়ত লকডাউন দিয়া বাবে অসমৰ ৰাইজৰ খং উঠিছিল নেকি?’

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ পঞ্চায়তীৰাজ দিৱস উপলক্ষে শুকুৰবাৰে প্রধানমন্ত্রী মোদীয়ে কাছাৰ জিলাৰ প্রতিনিধি ৰঞ্জিত সৰকাৰৰ সৈতে হোৱা বার্তালাপত প্রশ্ন কৰে– ব’হাগ বিহুৰ সময়ত লকডাউন হোৱা বাবে অসমৰ ৰাইজৰ খং উঠিছিল নেকি? এই প্রশ্নৰ উত্তৰত পঞ্চায়ত প্রতিনিধি ৰঞ্জিত সৰকাৰে প্রধানমন্ত্রীজনক জনায় যে আমাৰ নিজৰ ভালৰ বাবেই লকডাউন কৰা হৈছে ৷ ক’ৰোনা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো ব্যৱস্থা গ্রহণ কৰা বুলি প্রধানমন্ত্রীক জনায় ৰঞ্জিত সৰকাৰে৷ তেওঁ লগতে আশাকর্মী, অংগনৱাড়ী কর্মী আৰু স্থানীয় বিধায়কগৰাকীৰ সহযোগিতাৰ কথাও উল্লেখ কৰে৷ লকডাউন ঘোষণা কৰা বাবে তেওঁ প্রধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপন কৰে৷ প্রধানমন্ত্রীজনেও অসমৰ জনসাধাৰণক অভিনন্দন জনায়৷ তেওঁ মহাত্মা গান্ধীৰ স্বৰাজৰ ধাৰণা গ্রাম স্বৰাজৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰি শাস্ত্র বাণীৰ উদ্ধৃতিৰে একতাই সকলো শক্তিৰ উৎস বুলি জনসাধাৰণক সোঁৱৰাই দিয়ে৷ প্রধানমন্ত্রীজনে পঞ্চায়তীৰাজ দিৱস উপলক্ষে সকলো পঞ্চায়ত কর্মীক শুভেচ্ছা জনোৱাৰ লগতে সকলোকে সামূহিক প্রচেষ্টা, সহমর্মিতা আৰু সংকল্পৰে ক’ৰোনা মহামাৰীক পৰাস্ত কৰিবলৈ আহ্বান জনায় ৷

You might also like