চিকিৎসা কৰিবলৈ অহা মণিপুৰী যুৱকৰ MMCH ৰ পৰা পলায়ন
নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে লকডাউন চলি থকাৰ মাজতে শনিবাৰে পাণবজাৰস্থিত মহেন্দ্র মোহন চৌধুৰী হাস্পতালত চাঞ্চল্যৰ সৃষ্টি হয়৷
প্রাপ্ত খবৰ মতে, হাস্পতালখনত আজি বিয়লি এজন মণিপুৰী যুৱক উপস্থিত হৈ নিজাকৈ ক’ভিড–১৯ৰ পৰীক্ষা কৰাৰ বাবে হাস্পতাল কর্তৃপক্ষক আহ্বান জনায়৷ চিকিৎসকে প্রাথমিক চিকিৎসাৰ অন্তত যুৱকজনক কোৱাৰেণ্টাইনত থকাৰ পৰামর্শ দিয়াৰ লগতে হাস্পতালখনত চিকিৎসাৰ প্রস্তুতি চলাওতেই যুৱকজনে হাস্পতালখনৰ পৰা পলায়ন কৰে৷
ঘটনাটোক লৈ হাস্পতালখনত চাঞ্চল্যৰ সৃষ্টি হয়৷ পিছত হাস্পতাল কর্তৃপক্ষই এই সন্দর্ভত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে যুৱকজনক বিচাৰি অভিযান চলাইছে যদিও তেওঁৰ সন্ধান উলিয়াব পৰা নাই৷
উল্লেখ্য যে শনিবাৰে সন্ধিয়া প্রায় ৭.৩০ বজাত হাস্পতালৰ পৰা পলায়ন কৰা যুৱকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই যদিও তেওঁ নিজকে বৈথেল বুলি পৰিচয় দিছিল৷ কিন্তু যুৱকজনৰ নাম অথবা সম্পূর্ণ পৰিচয় সম্পর্কে হাস্পতাল কর্তৃপক্ষ অৱগত নহয় বুলি জনাইছে৷