আক্রান্তলৈ প্লাজমা দান নাফিছাৰ নাতিনী দিয়াৰ
নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ অভিনেত্রী নাফিছা আলীৰ নাতিনী দিয়া নাইডুৱে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা আৰোগ্য হোৱাৰ পাছত মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত ৰোগীৰ চিকিৎসাৰ বাবে দান কৰিছে প্লাজমা৷ অভিনেত্রীগৰাকীয়ে ছ’চিয়েল মিডিয়া ইনষ্টাগ্রামৰ জৰিয়তে এই তথ্য সদৰী কৰিছে৷ স্মর্তব্য যে ক’ভিড–১৯ বা ক’ৰোনাত আক্রান্ত ৰোগী সুস্থ হোৱাৰ পাছত তেওঁলোকৰ শৰীৰৰ প্লাজমাৰ পৰাই অন্য ক’ৰোনা ৰোগীৰ চিকিৎসা চলোৱা হৈছে৷ নাতিনী দিয়া নাইডুৱে ক’ভিড–১৯ত আক্রান্তৰ চিকিৎসাৰ বাবে প্লাজমা দান কৰা বিষয়টোক লৈ অভিনেত্রী নাফিছা গর্বিত বুলিও উল্লেখ কৰিছে৷ স্মর্তব্য যে দুৰাৰোগ্য কর্কট ৰোগৰ পৰা বর্তমান সুস্থ হৈছে অভিনেত্রীগৰাকী৷