নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত ৭০ লাখ মহিলাৰ অনিচ্ছাকৃত গৰ্ভধাৰণ

লকডাউনৰ প্ৰভাৱ

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ বিশ্বজুৰি চলি থকা ক’ৰোনা ভাইৰাছ সংকট আৰু লকডাউনৰ প্রভাৱত তৃতীয় বিশ্ব আৰু মধ্যম আয়ৰ দেশসমূহত উদ্বেগজনক ভাৱে বাঢ়িছে অনিচ্ছাকৃত গর্ভধাৰণৰ ঘটনা৷ বজাৰৰ পৰা উচ্চ দামত উন্নতমানৰ গর্ভনিৰোধক ঔষধ ক্রয় কৰিব পৰা নাই বহু লোকে৷ ফলত অনিচ্ছাকৃতভাৱে গর্ভধাৰণৰ সন্মুখীন হৈছে প্রায় ৭০ লাখ মহিলা৷ ৰাষ্ট্রসংঘই প্রকাশ কৰিছে এই তথ্য৷ ৰাষ্ট্রসংঘৰ পপুলেচন ফাণ্ড আৰু তাৰ সহযোগী সংস্থাৰ সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য৷ এই সমীক্ষাৰ প্রতিবেদন অনুসৰি লকডাউনৰ ফলত তৃতীয় বিশ্ব বা মধ্যম আয়ৰ দেশসমূহৰ অন্ততঃ ৪ কোটি ৭০ লাখ মহিলাই দাম দি অত্যাধুনিক মানৰ গর্ভনিৰোধক ঔষধ ক্রয় কৰিব পৰা নাই৷ লকডাউনৰ পূর্বে তৃতীয় বিশ্ব বা মধ্যম আয়ৰ ১১৪খন দেশৰ প্রায় ৪৫ কোটি মহিলাই অনিচ্ছাকৃতভাৱে মাতৃত্বৰ পৰা বাচি থাকিবলৈ নিয়মিতভাৱে গর্ভনিৰোধক ব্যৱহাৰ কৰিছিল৷ কিন্তু ক’ৰোনা ভাইৰাছ মহামাৰীৰ লগতে লকডাউন আৰম্ভ হোৱাৰ ফলত এয়া সম্ভৱ হোৱা নাই৷ ফলত এই দেশসমূহত ৭০ লাখ মহিলা অনিচ্ছাকৃত গর্ভধাৰণৰ সন্মুখীন হোৱাটো নিশ্চিত হৈছে৷ উল্লেখ্য যে ৰাষ্ট্রসংঘৰ পপুলেচন ফাণ্ডৰ এই সমীক্ষাত সহায় কৰিছে মার্কিন যুক্তৰাষ্ট্রৰ জন হপকিন্স বিশ্ববিদ্যালয়, অষ্ট্রেলিয়াৰ ভিক্টোৰিয়া বিশ্ববিদ্যালয় আৰু স্বাস্থ্য বিশেষজ্ঞসকলে৷ ইউ এন এফ পি এৰ কার্যবাহী সঞ্চালক নাটালিয়া কানেমে জানিবলৈ দিয়া মতে, ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ফলত বিশ্বজুৰি মাৰাত্মক প্রভাৱ পৰিছে কিশোৰী আৰু মহিলাসকলৰ ওপৰত৷ পৰিয়ালক সুৰক্ষিত ৰখাৰ স্বার্থত মাৰাত্মক বিপদৰ সন্মুখীন হৈছে মহিলাসকল৷ তেওঁ আশংকা প্রকাশ কৰি কয় যে লকডাউন যদি ছমাহলৈ বৃদ্ধি পায়, তেনেহ’লে ৩০ কোটি ১০ লাখ গার্হস্থ্য হিংসাৰ ঘটনা বৃদ্ধি পাব বিশ্বৰ দেশসমূহত৷ লকডাউন দীর্ঘদিন ধৰি চলিলে তাৰ যথেষ্ট প্রভাৱ পৰিব অর্থনৈতিক আৰু সামাজিক ক্ষেত্রত৷ মহিলাসকলৰ ওপৰত এই দীর্ঘদিনীয়া লকডাউনৰ কুপ্রভাৱ হ’ব সুদূৰপ্রসাৰী৷ অনাগত দহ বছৰত বাল্য বিবাহৰ ঘটনাও অন্তত ১ কোটি ৩০ লাখ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ তদুপৰি প্রায় ৩১০ কোটি লিংগভিত্তিক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে৷ ইউ এন এফ পি এৰ কার্যবাহী সঞ্চালকগৰাকীয়ে কয় যে এই পৰিস্থিতিত মহিলাসকলৰ প্রজনন ক্ষমতা আৰু অধিকাৰক যিকোনো মূল্যৰ বিনিময়ত নিৰাপত্তা দিব দিব লাগিব। তাৰ বাবে প্ৰয়োজনীয় স্বাস্থ্য সেৱা অব্যাহত ৰখা অত্যন্ত জৰুৰী।

You might also like