নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি হিটমেনৰ ৩৩ সংখ্যক উপজা দিন

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ বেটছমেন তথা হিটমেন খ্যাত ৰোহিত শৰ্মাৰ আজি ৩৩ সংখ্যক ওপজা দিন। ১৯৮৭ চনৰ ২৯ এপ্ৰিলৰ আজিৰ দিনটোতেই ক্ৰিকেটাৰ জনৰ মহাৰাষ্ট্ৰৰ নাগপুৰত জন্ম হৈছিল। ২০০৭ চনত শৰ্মাই ভাৰতীয় দলত মিৰ্ডল অৰ্ডাৰ বেটছমেন হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল। কিন্তু প্ৰথম অৱস্থাত খেলপথাৰত ইমান সফল হ’ব পৰা নাছিল। ২০১১ চনৰ আই চি চি বিশ্বকাপ ক্ৰিকেটত ভাৰতীয় দলত ৰোহিত শৰ্মাই স্থান পোৱা নাছিল।

ৰোহিত শৰ্মাক প্ৰাক্তন ভাৰতীয় দলৰ অধিনায়ক মহেন্দ্ৰ সিঙ ধোনীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিছিল। ধোনীৰ এটা সিদ্ধান্তই ৰোহিতৰ ভাগ্য সলনি কৰি দিছিল। ধোনীয়ে ২০১৩ চনত ৰোহিতক অপেনিং কৰিবলৈ সুবিধা দিছিল। তাৰ পিছত আৰু ৰোহিতে পিছলৈ উভতি চাবলগীয়া হোৱা নাই। শৰ্মাই এদিনীয়া ক্ৰিকেটত ৩ টা দ্বিশতক অৰ্জন কৰিছে। এদিনীয়াত শৰ্মাৰ ২৬৪ ৰাণ সৰ্বাধিক । যি এতিয়াও অক্ষত অৱস্থাত আছে। শৰ্মাই ইৰ্ডেন গাৰ্ডেনত শ্ৰীলংকাৰ বিৰুদ্ধে এই অভিলেখ সংগ্ৰহ কৰিছিল। এতিয়ালৈকে কোনো ক্ৰিকেটাৰে তিনিটা দ্বি-শতক অৰ্জন কৰিব পৰা নাই।

মহেন্দ্ৰ সিঙ ধোনীয়ে যেতিয়া অধিনায়ক পৰা পদত্যাগ কৰিছিল তেতিয়া বিৰাট কোহলি অধিনায়ক আৰু ৰোহিত শৰ্মা উপঅধিনায়ক হিচাপে দলত নিৰ্বাচিত হৈছে।

You might also like