দেশজুৰি ২ সপ্তাহলৈ বৃদ্ধি লক ডাউন
নিয়মীয়া বাৰ্তা, ১ মেঃ দেশজুৰি ক’ৰোনা ভাইৰাছৰ আতংক অব্যাহত। প্ৰতিক্ষণত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। দেশজুৰি ৩৫হাজাৰ অতিক্ৰম কৰিলে ক’ৰোনা আক্ৰান্তই। ফলত ২য় পৰ্যায়ৰ লক ডাউন শেষ হোৱাৰ প্ৰাকক্ষণত ২ সপ্তাহলৈ দেশজুৰি বৃদ্ধি পালে লক ডাউন। ক’ৰোনা শৃংখল ভংগৰ বাবেই এই পদক্ষেপ কেন্দ্ৰৰ। গৃহ মন্ত্ৰালয়ৰ নতুন নিৰ্দেশমৰ্মে ৪ মে’ৰ পৰা ১৭মে’লৈ কাৰ্যকৰী হ’ব এই নিৰ্দেশনা। কিন্তু গ্ৰীন আৰু অৰেঞ্জ জ’নত পূৰ্বৰ দৰেই অব্যাহত থাকিব শিথিলতা।