নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন বৃদ্ধিত ৮৮ শতাংশৰ সমর্থন

নিয়মীয়া বাৰ্তা, ৩ মে’ : ক’ভিড–১৯ক পৰাভূত কৰি জয়ী হ’বলৈ পুনৰ দুসপ্তাহ লকডাউন বৃদ্ধি কৰা কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তক ৮৮ শতাংশই সমর্থন আগবঢ়াইছে ৷ প্রথম পর্যায়ত ২৪ মার্চৰ পৰা ১৪ এপ্রিল আৰু দ্বিতীয় পর্যায়ৰ ১৫ এপ্রিলৰ পৰা ৩ মে’লৈ দেশব্যাপী লকডাউনত স্বাভাৱিক জীৱন যাত্রা ব্যাহত হ’লেও ক’ভিড–১৯ৰ সৈতে যুঁজত দেশবাসীয়ে পূর্ণ সহযোগিতা আগবঢ়াইছে ৷ নেচনেল কাউঞ্চিল অৱ এপ্লাইড ইক’নমিক্স ৰিছার্চে চলোৱা সমীক্ষা মতে, ৩ মে’ত লকডাউনৰ সামৰণিৰ পূর্বে ১ মে’ত পুনৰ দুসপ্তাহ লকডাউনৰ সীমা বৃদ্ধি কৰাত দেশৰ ৮৮ শতাংশ লোকে সমর্থন আগবঢ়াইছে ৷

উল্লেখ্য যে প্রথম পর্যায়ৰ লকডাউনত ৩–৬ এপ্রিলত চলোৱা সমীক্ষাত ৬২ শতাংশই শক্তিশালী ৰূপত আৰু ২৪ শতাংশই সাধাৰণভাৱে সমর্থন জনাইছিল ৷ দ্বিতীয় পর্যায়তো একে ধৰণেই সমর্থন আগবঢ়াইছে ৷ সংস্থাটোৱে টেলিফোনিক সমীক্ষাযোগে সমগ্র দেশৰ পৰা লাভ কৰা তথ্যৰ আধাৰত ক’ভিড–১৯ৰ সৈতে যুঁজত সকলো শ্রেণীৰ নাগৰিক ক্ষতিগ্রস্ত হ’লেও চৰকাৰৰ লকডাউনৰ সিদ্ধান্ত সঠিক বুলি মতামত দিছে ৷

You might also like