নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০৩২ত অলিম্পিক আয়োজনৰ মন ভাৰতৰ

নিয়মীয়া বাৰ্তা, ৩ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে সমগ্র বিশ্বৰ ক্রীড়াক্ষেত্র এতিয়া স্তব্ধ হৈ আছে৷ বিশ্বৰ পৰা এই সংকট আঁতৰ হোৱাৰ পিছতে ভাৰতে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ ওচৰত ২০৩২ৰ অলিম্পিক গেমছ আয়োজনৰ প্রস্তাৱ আনুষ্ঠানিকভাৱে দাখিল কৰিব৷ ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নাৰিন্দৰ বাট্রাই আজি এই কথা সদৰী কৰে৷ ‘২০২৬ৰ য়ুথ অলিম্পিক আৰু ২০৩২ৰ অলিম্পিক আয়োজনৰ বিষয়টো আমি গভীৰভাৱে চিন্তা কৰিছোঁ৷ ভাৰতে ইতিমধ্যে নিজৰ ইচ্ছাৰ বিষয়ে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীক লিখিতভাৱে অৱগত কৰিছে৷ এই মুহূর্তলৈকে ভাৰতৰ প্রতিদ্বন্দ্বী হিচাপে আছে থাইলেণ্ড, ৰাছিয়া আৰু কলম্বিয়া৷ ২০২৬ৰ য়ুথ অলিম্পিক আয়োজন কৰিবলৈ তেওঁলোকেও ইচ্ছা প্রকাশ কৰিছে৷ একেদৰে ২০৩২ৰ অলিম্পিক আয়োজনৰ অন্যতম দাবীদাৰ হ’ল অষ্ট্রেলিয়া, চাংহাই আৰু ছিউল৷’ ভাৰতীয় অলিম্পিক সন্থাৰ মুৰব্বীগৰাকীয়ে এইদৰে কয়৷ ২০৩২ৰ অলিম্পিক আয়োজনৰ বাবে আনুষ্ঠানিকভাৱে প্রস্তাৱ দাখিলৰ প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে যদিও মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে সম্প্রতি এয়া স্তব্ধ হৈ আছে৷ ইফালে, ক’ৰোনা ভাইৰাছৰ বাবে টকি’ অলিম্পিক স্থগিত হ’লেও ভাৰতীয় খেলুৱৈসকলক ইনড’ৰ অনুশীলন অব্যাহত ৰাখিবলৈ বাট্রাই আহ্বান জনায়।

You might also like