নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰুৱা চিলিণ্ডাৰত অতিৰিক্ত ধন সংগ্রহ

অর্কিড এইচ্ পি গেছ এজেঞ্চীৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ গ্রাহকৰ

নিয়মীয়া বার্তা, ৩ মে’ : দেশত মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চৰকাৰে দীঘলীয়া লকডাউন ঘোষণা কৰাত সর্বসাধাৰণ লোক আর্থিকভাৱে ক্ষতিগ্রস্ত হৈছে ৷ লকডাউনৰ বাবে প্রায়বোৰ ব্যৱসায়িক প্রতিষ্ঠান আৰু উদ্যোগ আদি বন্ধ হৈ পৰাত মধ্যবিত্ত পৰিয়ালৰ জীৱিকা একপ্রকাৰ স্তব্ধ হৈ পৰিছে ৷ অত্যাৱশ্যকীয় সামগ্রীৰ দাম ক্রমাৎ বৃদ্ধি পোৱাত সর্বসাধাৰণ লোক নিতৌ ন ন সমস্যাৰ সন্মুখীন হৈছে ৷ অৱশ্যে লকডাউনৰ সময়ছোৱাত চৰকাৰে ঘোষণা কৰা কেতবোৰ আঁচনিয়ে সর্বসাধাৰণ লোকক কিছু পৰিমাণে সকাহ দিছে যদিও একাংশ লোকৰ ব্যৱসায়িক মনোবৃত্তিৰ বাবেই জুৰুলা হৈ পৰিছে বহু লোক ৷ গুৱাহাটী মহানগৰীত চাউল, দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ দামবৃদ্ধি কৰি একাংশ অসাধু ব্যৱসায়ীয়ে গ্রাহকক মাধমাৰ শোধাইছে ৷ একে সময়তে ৰন্ধন গেছ যোগানৰ নামত লখৰাৰ অর্কিড এইচপি গেছ এজেঞ্চীয়ে গ্রাহকক লুণ্ঠন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

চৰকাৰৰ নির্দেশনাক আওকাণ কৰি প্রতিটো চিলিণ্ডাৰত এজেঞ্চীটোৱে গ্রাহকৰ পৰা অতিৰিক্তভাৱে ২২৭ টকা সংগ্রহ কৰাক লৈ আজি মহানগৰীৰ নুনমাটিৰ শ্বহীদ নগৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ প্রাপ্ত অভিযোগ মতে, আজি এজেঞ্চীটোৱে নুনমাটিৰ শ্বহীদ নগৰত গেছ চিলিণ্ডাৰ দিবলৈ আহি অতিৰিক্তভাৱে ধন সংগ্রহ কৰাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ উল্লেখ্য যে অলপতে চৰকাৰে প্রতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫৭৩ টকা নির্ধাৰণ কৰিছিল৷ লক্ষ্যণীয়ভাৱে আজি চৰকাৰী নির্দেশনাক অৱজ্ঞা কৰি এজেঞ্চীটোৱে প্রতিটো চিলিণ্ডাৰত নির্ধাৰিত ৫৭৩ টকাৰ সলনি ৮০০ টকাকৈ সংগ্রহ কৰাত জাঙুৰ খাই উঠে গ্রাহকসকল৷ এই সন্দর্ভত এজেঞ্চীটোৰ কর্তৃপক্ষক গ্রাহকসকলে প্রশ্ণ কৰাত দুর্ব্যৱহাৰ কৰাৰ লগতে ৮০০ টকা নিদিলে চিলিণ্ডাৰ নাপাব বুলি ধমক দিয়া বুলি অভিযোগ তোলে গ্রাসকসকলে ৷ ভুক্তভোগী একাংশ গ্রাহকে পিছত ইণ্ডিয়ান অইল কর্প’ৰেচনৰ জেনেৰেল মেনেজাৰ মনোহৰ ৰয়ক যোগাযোগ কৰাত বিষয়াগৰাকীয়ে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণৰ আশ্বাস দিয়ে৷ ইপিনে, আজি পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈ চিলিণ্ডাৰৰ বাবে শাৰী পাতি ৰৈ থকা গ্রাহকসকলে গাডী নহা আৰু অতিৰিক্তভাৱে ধন লোৱা কার্যত ক্ষুব্ধ হৈ পৰে৷ এনেক্ষেত্রত পৰিস্থিতি যাতে অধিক অৱনতি নহয় তাৰ বাবে এজন স্থানীয় সংবাদকর্মীয়ে ঘটনা সন্দর্ভত নুনমাটি থানাৰ ভাৰপ্রাপ্ত বিষয়াক অৱগত কৰে যদিও বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ অকল এজাহাৰ দাখিল কৰিবলৈ কৈয়ে পৰিস্থিতি নিয়ন্ত্রণৰ ক্ষেত্রত বিশেষ গুৰুত্ব দিয়া নাছিল বুলি একাংশ গ্রহকে অভিযোগ কৰি এচিপি জিকিৰাণী মহন্তক বিষয়টো অৱগত কৰাত তেওঁ বিষয়টো গুৰুত্বসহকাৰে তদন্ত কৰাৰ আশ্বাস দিয়ে৷

You might also like