নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈছাৰ পানধোৱাত আৰক্ষী আক্রমণৰ ঘটনা সংক্ৰান্তত ৯ জনক জেললৈ প্ৰেৰণ

কোৱেইট মছজিদৰ ইমামক জামিনত মুক্তি

নিয়মীয়া বাৰ্তা, ৩ মে’ :  লখিমপুৰ জিলাৰ নাওবৈছাৰ পানধোৱাত ৩০ এপ্রিলৰ নিশা কর্তব্যৰত আৰক্ষীৰ ওপৰত হোৱা আক্রমণৰ ঘটনা সংক্ৰান্তত দেওবাৰে লখিমপুৰ আৰক্ষীয়ে ৯ জনক জেললৈ প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে এই ঘটনা সংক্ৰান্তত শনিবাৰে লখিমপুৰ  আৰক্ষীয়ে এগৰাকী মহিলা সহ ২০ জনকৈ লোকক আটক কৰি সোধপোচ কৰাৰ লগতে প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ৯ জনক আজি জেললৈ প্ৰেৰণ কৰে ।

অন্যহাতে পানধোৱা কোৱেইট মছজিদৰ ইমাম আব্দুল্লাক আৰক্ষীয়ে ব্যক্তিগত জামিনত মুক্তি দিয়ে । আনহাতে আৰক্ষীয়ে কালি আটক কৰা ২০ জনৰ ভিতৰত আন ১০ জনক সোধাপোচৰ অন্তত মুকলি কৰি দিয়ে ।

ইপিনে দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাসকলক উত্তৰ লখিমপুৰ আদালতত হাজিৰ কৰাৰ পিছতে আদালতে আনাৰুল ইছলাম, আব্দুল কাঁচিম, জেহিৰুল ইছলাম, মুস্তাফা নুৰ, চফিকুল ইছলাম, চাৰিফুল ইছলাম, আমিনুৰ ৰহমান, আছাদুল ইছলাম, বাবুল হুছেইন সহ মুঠ ৯ জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰা এই আটাইকেইজনৰে ঘৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ পানধোৱাত । এই সন্দৰ্ভত লখিমপুৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৭/১৪৮/১৪৯/ ২৬৯/২৭০/৩৪১ ৩৪২/৩৩৩/৩৫৩/৩২৫/৩০৭/৪৪০ ধাৰাৰ লগতে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগত আৰ/ডব্লিউ ৩ পিডিপিপিৰ অধীনত কেচনং ৩৪৬/২০ মৰ্মে এক গোচৰ ৰজু কৰিছে ।

You might also like